NORTHEAST NOW (Assamese)
Popular Stories

বোম্বে হাইক’ৰ্টৰ নিৰ্দেশ মৰ্মে আজি পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব অৰ্ণৱ গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 7:53 am
Patiala House Court directs Delhi Police to register FIR against Arnab Goswami and Republic TV

ৰিপাব্লিক মিডিয়া নেটৱৰ্ক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীয়ে মঙলবাৰে কয় যে বুধবাৰ অৰ্থাৎ আজি তেওঁ দুপৰীয়া ২ বজাত এম এম জোচি মাৰ্গ আৰক্ষী পুলিচ ষ্টেশ্যনত উপস্থিত হ’ব।

মঙলবাৰে সন্ধিয়া এটা সাক্ষাৎতত গোস্বামীয়ে কয়, ‍‘মুম্বাই আৰক্ষী আয়ুক্তই চিন্তা কৰিব নালাগে। মই দুপৰীয়া ঠিক ২ বজাত হাজিৰ হম’।

তেওঁ লগতে কয় যে থানাত দ্বিতীয়বাৰ হাজিৰ হ’বলৈ আৰক্ষীয়ে চমন জাৰি কৰিছে, সেয়ে মই পাঁচ মিনিট আগতেই থানা পাম।

আৰক্ষীয়ে সোমবাৰে নিশা চমন জাৰি কৰি সোধা পোচাৰ বাবে বুধবাৰে দিনৰ ১১ বজাত থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল অৰ্ণৱক। কিন্তু পিছত মঙলবাৰে সময় সংশোধন কৰি সোধা পোচাৰ সময় ১১ বজাৰ বিপৰীতে ২ বজা কৰে।

উল্লেখ্য যে অৰ্ণৱ আৰু ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ৰুজু হৈ থকা এজাহাৰ দুখন বাতিল কৰা বাবে কৰা আবেদন মঙলবাৰে বোম্বে হাইক’ৰ্টে নাকচ কৰে।

বিচাৰপতি উজ্জ্বল ভূঞা আৰু ৰিয়াজ চাগলা ডিভিজন বেঞ্চে অৰ্ণৱক মুম্বাই আৰক্ষীৰ সন্মুখত ব্যক্তিগতভৱে হাজিৰ হোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অৰ্ণৱক।

গোস্বামীয়ে তেওঁৰ হিন্দী ভাষাৰ চেনেল ৰিপাব্লিক টিভিৰ প্ৰাইমটাইম শ্ব’ত যোৱা ২১ এপ্ৰিলত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰা তথা ঘৃণাৰ মন্তব্য কৰাৰ বাবে এজাহাৰসমূহ দাখিল কৰা হৈছে।