NORTHEAST NOW (Assamese)

ধৰ্ষণ কৰি হত্যা, টুকুৰা-টুকুৰ কৰি কাটিলে মহিলাৰ মৃতদেহ

November 3, 2023 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 3, 2023 5:42 pm

আকৌ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পোহৰলৈ আহিছে এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা। 

উত্তৰ প্ৰদেশৰ বান্দা গাঁৱত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনাইছে এই কথা।

এগৰাকী ৪০ বছৰীয়া এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে ৰাজকুমাৰ শুক্লা নামৰ এটা পাষণ্ডই।

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা গৰাকী মঙলবাৰে অভিযুক্ত ৰাজকুমাৰ শুক্লাৰ ঘৰলৈ আটা বনোৱা মেছিন ছাফা কৰিবলৈ গৈছিল। অলপ পাছত যেতিয়া মহিলাগৰাকীৰ কন্যা সেই ঘৰটোলৈ গৈছিল তেতিয়া বন্ধ কোঠাৰ ভিতৰৰ পৰা মাতৃৰ চিঞৰ শুনিবলৈ পাইছিল।

ইয়াৰ পিছতেই মাতৃৰ মৃতদেহ ৩ টুকুৰাকৈ কাটি থোৱা দেখা পাইছিল কন্যাই। 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উদ্ধাৰ হৈ মৃতদেহ উদ্ধাৰ কৰিছিল আৰু ৰাজকুমাৰ শুক্লা, তেওঁৰ ভাতৃ বাউৱা শুক্লা আৰু ৰামকৃষ্ণ শুক্লাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। 

জানিব পৰা মতে, আটাইকেইজন অভিযুক্ত বৰ্তমান পলাতক।  আৰক্ষীয়ে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related News