NORTHEAST NOW (Assamese)

ৰেপিড এণ্টিজেন টেষ্ট বিশ্বাসযোগ্য নহয়, কেন্দ্ৰই ইয়াৰ বাবে ধনৰ অপব্যৱহাৰ কৰিব নালাগে; ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

August 22, 2020 10:56 am · এন ই নাও নিউজ

ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই ক’ৰ’না পৰীক্ষাৰ বাবে কৰা ৰেপিড এণ্টিজেন টেষ্টৰ ওপৰত নিজৰ মত ব্যক্ত কৰিছে।

ৰঘু শৰ্মাই ক’ৰ’না পৰীক্ষাৰ বাবে কৰা ৰেপিড এণ্টিজেন টেষ্ট বিশ্বাসযোগ্য নহয় আৰু কেন্দ্ৰ চৰকাৰে ৰেপিড এণ্টিজেন টেষ্টৰ বাবে ধনৰ ব্যয় কৰা অনুচিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

দক্ষিণ কোৰিয়াৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা ৰেপিড টেষ্টিং কিটৰ শুদ্ধতা মাত্ৰ ৫১ শতাংশ বুলিও ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

”কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজস্থান আগৰণুৱা…..আমি ২০ লাখতকৈ অধিক আৰ টি-পিচিআৰ টেষ্ট সম্পন্ন কৰিছো,” স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ৰেপিড এণ্টিজেন টেষ্টৰ বাবে বহু লোকৰ ক’ৰ’না প’জিটিভ ফলাফল আহে যিসকল লোকে মাত্ৰ ৪-৫ দিনৰ ভিতৰতে চিকিৎসালয়ত আৰোগ্য লাভ কৰে। ইয়াৰ ফলত জনসাধাৰণৰ ৰেপিড এণ্টিজেন টেষ্টৰ প্ৰতি থকা বিশ্বাস ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

Related News