NORTHEAST NOW (Assamese)

১০৮ বছৰৰ মূৰত পুনৰ দেখা গ’ল বিলুপ্তপ্ৰায় ফ’মিং ভেকুলী

May 17, 2021 1:04 pm · এন ই নাও নিউজ

ভবা হৈছিল পৃথিৱীৰ পৰা হয়তো এই বিশেষ প্ৰজাতিৰ ভেকুলী বিধ হেৰাই গৈছে।

কাৰণ বিগত ১০৮ বছৰ ধৰি বিশ্ব কোনো স্থানত এই ভেকুলী বিধ কোনেও দেখা পোৱা নাছিল।

অৰ্থাৎ ১৯১২ চনত অৰুণাচলৰ টেংগা ভেলীত শেষবাৰৰ বাবে দেখা গৈছিল এই ভেকুলী বিধক।

পৃথিৱীৰ পৰা হেৰাই যোৱা বুলি সন্দেহ কৰা ডৰিয়াছ ফ’মিং ফ্ৰগ নামৰ এই ভেকুলীবিধক পুনৰ দেখা গৈছে মিজোৰামৰ পুৱালৰেং বন্যপ্ৰাণী উদ্যানত।

মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই বন্যপ্ৰাণী উদ্যান খনত এই ভেকুলী বিধ পুনৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

genus Chirixalus প্ৰজাতিৰ এই ভেকুলী বিধ Rhacophoridae পৰিয়ালৰ অন্তৰ্গত।

এই ভেকুলী বিধে পৰিস্থিতি সাপেক্ষে ইয়াৰ দেহৰ ৰং সলনি কৰিব পাৰে।

এই ভেকুলী বিধৰ মাইকী ভেকুলীয়ে কণী পৰাৰ পিছত সেই কণী এবিধ বিজলুৱা ফেনেৰে ঢাকি ৰাখে।

সেইবাবেই এই ভেকুলীক ফ’মিং ফ্ৰগ বুলি জনা যায়। বিলুপ্তি ঘটা বুলি সন্দেহ কৰা ভেকুলীবিধ পুনৰ আৱিষ্কাৰ হোৱাৰ কথাই আনন্দিত কৰি তুলি প্ৰকৃতিপ্ৰেমীসকলক।

Related News