NORTHEAST NOW (Assamese)

সমগ্ৰ দেশৰ লগতে শ্ৰীমন্ত শংকৰ একাডেমীতো পালন ৰাষ্ট্ৰীয় একতা দিৱস

October 31, 2022 1:08 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সোমবাৰে পুৱাৰ ভাগত শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে বাহিৰ কৰে এক শান্তি সমদল।

বিদ্যালয়খনৰ অধ্যক্ষা ডঃ গীতা দত্ত বৰুৱাই এই সমদলৰ শুভাৰম্ভণি কৰে।

বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা ছুপাৰ মাৰ্কেট হৈ জনতা ভৱনৰ সন্মুখৰে এই সমদল ওলাই পুনৰ বিদ্যালয়লৈকে আহে।

লগতে পঢ়ক: টুইটাৰত শব্দৰ সীমা বৃদ্ধি কৰা বিষয়ত সন্মতি এলন মাস্কৰ!

পঞ্চম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে এই সমদলত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে ২০১৪ চনৰ পৰা পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস।

লগতে পঢ়ক:World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

কেন্দ্ৰীয় চৰকাৰৰ মতে এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে “ই আমাৰ দেশৰ ঐক্য, সততা, আৰু নিৰাপত্তাৰ প্ৰতি প্ৰকৃত আৰু সম্ভাৱ্য ভাবুকি সহ্য কৰিবলৈ আমাৰ জাতিৰ অন্তৰ্নিহিত শক্তি আৰু স্থিতিস্থাপকতাক পুনৰ দৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব”।

Related News