World’s longest passenger train চুইজাৰলেণ্ডৰ এটা ৰে’ল কোম্পানীয়ে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলাই এক নতুন অভিলেখ গঢ়িছে।
এই যাত্ৰীবাহী ৰে’লখনত ১০০ টা ডবা আছে। ইয়াৰ দৈৰ্ঘ্য ১.৯ কিলোমিটাৰ বা ১.২ মাইল। এই ৰে’লখনে আল্পছ পৰ্বতমালাৰ ওপৰেৰে ২৫ কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে।
চুইজাৰলেণ্ডৰ অভিযান্ত্ৰিক খণ্ডৰ সাফল্য বিশ্বৰ আগত দাঙি ধৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল। চুইছ ৰে’লৱেৰ ১৭৫ তম বাৰ্ষিকী উদযাপন অনুষ্ঠানটো স্মৰণীয় কৰি তুলিবৰ বাবে এই আয়োজন কৰা হৈছিল।
WATCH: #BNNSwitzerland Reports.
Swiss railway company Rhaetian Railway has bagged the record for the world’s longest passenger train with a trip on one of the most spectacular tracks through the Alps. #Switzerland pic.twitter.com/CiBBhDF4tC
— Gurbaksh Singh Chahal (@gchahal) October 30, 2022
বিশ্ব অভিলেখ গঢ়া এই যাত্ৰীবাহী ৰে’লখনত মুঠতে ৪,৫০০ খন আসন আৰু ৭ জন চালক আছিল।