NORTHEAST NOW (Assamese)

১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

January 4, 2024 9:55 am · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল কেপ টাউনত অনুষ্ঠিত হৈ আছে। খেলখনৰ প্ৰথম দিনাই ২৩টা উইকেটৰ পতন ঘটিল। এটা সময়ত ভাৰতীয় ইনিংছ ১৫৩ ৰানত চাৰিটা উইকেটৰ পৰা গৈ ১৫৩ ৰানতে অল আউট হৈছিল। অৰ্থাৎ খেলখনৰ এটা পৰ্যায়ত ভাৰতে ১১টা বলত ৬টা উইকেট হেৰুৱাইছিল।

এই ঘটনা সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে অতি ধেমেলীয়া মন্তব্য কৰিছে। আচলতে তেওঁ সেই সময়ত ধাৰাভাষ্য কৰি আছিল। সেই সময়ত ভাৰতে ৬ উইকেটত ১১টা বল হেৰুৱাৰ কাহিনীটো বাখ্যা কৰে ৰবি শাস্ত্ৰীয়ে।

ৰোহিত শৰ্মাৰ ভাৰতীয় দলটোৱে এটা সময়ত ১১টা বলত ৬টা উইকেট হেৰুৱাৰ পিছত ৰবি শাস্ত্ৰীয়ে মহাকাব্যিক ধাৰাভাষ্য দিয়ে। খেলখনৰ প্ৰথম ইনিংছত টীম ইণ্ডিয়াক বল আউট হোৱাৰ পিছত ৰবি শাস্ত্ৰীয়ে এনে এটা মন্তব্য কৰে যিটোক লৈ কোনেও হাঁহি বন্ধ কৰিব নোৱাৰিব। সেইবাবেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰবি শাস্ত্ৰীৰ এই মন্তব্য।

লগতে পঢ়কঃ ভাৰত-দক্ষিণ আফ্ৰিকা: দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ২৩টা উইকেটৰ পতন; ০ৰানত ভাৰতে হেৰুৱালে অন্তিম ৬ উইকেট

দৰাচলতে ভাৰতীয় ইনিংছ শেষ হোৱাৰ পাছত ৰবি শাস্ত্ৰীয়ে কয়, ‘৪ উইকেটত ১৫৩ ৰান আৰু তাৰ পিছত ১৫৩ ৰান অল আউট। কোনোবাই যদি টয়লেটলৈ গৈ তাৰমাজতে ঘুৰি আহে, তেনে সময়তে মই যদি কওঁ যে ভাৰত ১৫৩ ৰানত বল আউট হৈছে।’

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত কেপ টাউন টেষ্ট ক্ৰিকেটৰ প্ৰথম দিনটো আছিল অতি ৰোমাঞ্চকৰ। দিনটোত খেলখনত আচৰিতভাৱে ২৩টা উইকেট পৰিল। মহম্মদ ছিৰাজে আৰম্ভণিতে কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই ১৫ ৰানত ৬ উইকেটত সংগ্ৰহ কৰাৰ পিছত ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ৫৫ ৰানত দক্ষিণ আফ্ৰিকাক অল আউট কৰে। ভাৰতে অগ্ৰগতি লাভ কৰি আৰামত ১৫৩/৪ত উপনীত হয়। কিন্তু ইয়াৰ পিছত যি হ’ল সেয়া আছিল টীম ইণ্ডিয়াৰ বাবে এক লজ্জাজনক পতন। মাত্ৰ শূন্য ৰানত ৬ উইকেট হেৰুৱাই ৰোহিতৰ টীম ইণ্ডিয়াই। এই স্ক’ৰতে সমগ্ৰ দলটো অল আউট হয়।

ইয়াৰ পাছতে আইডেন মাৰ্ক্ৰাম আৰু ডিন এলগাৰে ৯.৩ অভাৰত ৬টা চাৰি মাৰি দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ আগবঢ়াই লৈ যায়। কিন্তু পৰৱৰ্তী অভাৰত এলগাৰে অফ ষ্টাম্পৰ বাহিৰত মুকেশ কুমাৰৰ বলত এটা চাৰি মাৰি ২৮টা বলত ১২ ৰান কৰি আউট হয়। যিটো আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ডিন এলগাৰৰ অন্তিম ইনিংছ।

খেলপথাৰত থকা ভাৰতীয় খেলুৱৈসকলে এলগাৰক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ শেষত দৰ্শকে তেওঁক থিয় হৈ অভিনন্দন জনায়। ইয়াৰ কিছুসময় পিছতে টনি ডি জৰ্জীক মুকেশে আউট কৰে। ইয়াৰ পিছত বুমৰাহে দিনটোত দ্বিতীয়বাৰৰ বাবে নিজৰ একাউণ্ট খুলি ট্ৰিষ্টান ষ্টাবছক পুনৰ পেভলিয়নলৈ পঠিয়ায়।

Related News