NORTHEAST NOW (Assamese)

গুজৰাটত ৰাজনীতিৰ সৈতে ক্ৰিকেটক একাকাৰ কৰিছে বিজেপি প্ৰাৰ্থী ৰিভাবাই, তুমুল প্ৰতিক্ৰিয়া

November 24, 2022 9:53 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 24, 2022 9:54 am

ক্ৰিকেটাৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ বিজেপিৰ জামনগৰ উত্তৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ৰিভাবা এগৰাকী বিজেপি নেত্ৰী। এজন তাৰকা ক্ৰিকেটাৰৰ পত্নী হোৱাৰ উপৰি ৰিভাব গুজৰাটৰ এগৰাকী পৰিচিত নেত্ৰী। যিটো সময়ত গুজৰাট বিধানসভা নিৰ্বাচনত এইবাৰ বহু ‘পুৰণি নেতা’ৰ নাম কটা গৈছে।

ৰিভাবা যুৱ প্ৰতিনিধিসকলৰ মাজৰে এগৰাকী। জাদেজাৰ পত্নী যোৱা তিনি বছৰ ধৰি বিজেপিৰ সৈতে জৰিত হৈ আছে। দৰাচলতে, ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁৰ প্ৰাৰ্থিত্বক লৈ জল্পনা-কল্পনা চলি আছিল। কিন্তু শেষত তেওঁ কোনো সুযোগ পোৱা নাছিল।

ভাৰতীয় ক্ৰিকেট দলৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীৰ ফটো ব্যৱহাৰ অভিযোগ উঠিছে। গুজৰাটত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগৰ কোনো অন্ত নাই।জাদেজাৰ পৰিয়াল দৰচলতে কংগ্ৰেছী।

ইমানৰ পিছতো ৰিভাবাই বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। ৰিভাবাই তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ পোষ্টাৰত ভাৰতীয় দলৰ জাৰ্চী পিন্ধা ৰবীন্দ্ৰ জাদেজাৰ ফটো ব্যৱহাৰ কৰিছে। আম আদমী পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ানে ৰিভাবাৰ কাৰ্যক গৰিহণা দি কৈছে যে খেলুৱৈসকল আগতে ৰাজনীতিৰ পৰা আঁতৰি আছিল, কিন্তু এতিয়া তেওঁলোকে মুকলিকৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে।

আনকি ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবা জাদেজায়ো ৰিভাবাক সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে ৰিভাবাই ৰাজনৈতিক লাভৰ বাবে ৰবীন্দ্ৰ জাদেজাৰ নাম ব্যৱহাৰ কৰিছে।

Related News