NORTHEAST NOW (Assamese)

অথলে গ’ল সুদৰ্শনৰ শতক, পুনৰ কোহলীৰ বিৰাট ইনিংছ; গুজৰাটক হৰুৱালে বাংগালুৰুৱে

April 25, 2026 8:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:54 am

শতক অৰ্জন কৰে প্ৰতিপক্ষৰ খেলুৱৈয়ে। তথাপিও ক্ৰিকেট অনুৰাগীৰ হৃদয়ত সাঁচ বহুৱালে ৮১ ৰানৰ ইনিংছটোৱে। কাৰণ সেইটো বিৰাট কোহলীৰ বেটৰ পৰাই আহিছিল। ‘কিং’ কোহলীয়ে দলৰ স্বাৰ্থত বাৰে বাৰে বেটিং কৰি আহিছে। শুকুৰবাৰে তেওঁ শতক চুব নোৱাৰাৰ এটা কাৰণ হ’ল দলৰ ৰান ৰেট বৃদ্ধিৰ তাগিদা। দিনটোৰ শেষত অৱশ্যে আৰ চি বিয়ে জয়লাভ কৰি শেষ হাঁহি মাৰিলে।

ঘৰুৱা খেলপথাৰত পূৰ্বৰ মেচখনত পৰাস্ত হোৱাৰ পিছত আৰ চি বি যথেষ্ট চাপত পৰিছিল। চিন্নাস্বামীত বিৰাটৰ বেটিং বিপৰ্যয়ক লৈ আলোচনা আৰম্ভ হয়। দলটোৰ সিদিনাৰ সৰ্বাধিক ৰান কৰা ফিল ছল্টকো শুকুৰবাৰে দলত স্থান দিয়া নহ’ব। মুঠতে গুজৰাটৰ বিৰুদ্ধে আৰচিবিৰ শিবিৰত বহু সমস্যাৰ সৃষ্টি হৈছিল।

কিন্তু যিমানেই সমস্যা নাথাকক কিয়, ‘কিং’ কোহলী দিনক দিনে আৰ চি বিৰ বাবে পৰিত্ৰাতা হৈ পৰিছে। শুকুৰবাৰে তেওঁৰ সাৱলীল ইনিংছে শেষবাৰৰ চেম্পিয়নৰ বাবে জয়ৰ ভেটিও স্থাপন কৰে। একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পিছত প্লে অফৰ পথটো গুজৰাটৰ বাবে কঠিন হৈ পৰিল।

আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। অ’পেন কৰিবলৈ নমা ছাই সুদৰ্শনে ৫৮টা বলত দুৰ্দান্ত শতক অৰ্জন কৰে। যোৱা বছৰৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীগৰাকী এই আই পি এলত এনে ফৰ্মত নাছিল। অৱশ্যে এই খেলখনত তেওঁ ৰানৰ ছন্দলৈ উভতিল। কিন্তু গুজৰাটৰ বাকী বেটছমেন ব্যৰ্থ হয়।

অধিনায়ক শুভমন গিলে ২৪টা বলত মাত্ৰ ৩২ ৰান সংগ্ৰহ কৰে। জোছ বাটলাৰৰ সংগ্ৰহ আছিল মাত্ৰ ১৫। একেবাৰে শেষৰ অভাৰত গুজৰাটে জেছন হোল্ডাৰৰ কেমিঅ’ৰ ওপৰত নিৰ্ভৰ কৰি দুশৰ সীমা অতিক্ৰম কৰে। ভুৱনেশ্বৰ কুমাৰে নিজৰ পুৰণি চমক দেখুৱাই মিতব্যয়ী বলিং কৰে। তেওঁ চাৰি অভাৰত ৩১ ৰান দি বাটলাৰৰ উইকেটটো দখল কৰে।

চিন্নাস্বামীৰ দৰে খেলপথাৰত ২০৬ ৰানৰ লক্ষ্য বৰ কঠিন নহয়। অৱশ্যে চিন্নস্বামী এইবাৰ পূৰ্বৰ দৰে বেটছমেনৰ স্বৰ্গ নহয়। তৃতীয় অভাৰত বল বুজি নোপোৱাৰ বাবে জেকব বেথেল আউট হৈছিল। তাৰ পিছত বিৰাটৰ সৈতে যুটী গঢ়া দেৱদত্ত পডিক্কেলে ৰানৰ জোৱাৰ আনি দিলে। ১১৭ ৰানৰ পাৰ্টনাৰশ্বিপত দেৱদত্তৰ অৱদান আছিল ২৭টা বলত ৫৫ ৰান।

তেওঁ আউট হোৱাৰ পাছতো বিৰাট কোহলীয়ে গুজৰাটৰ বলিং লাইন আপ দমন কৰি থাকিল। আনকি হোল্ডাৰৰ অভাৰত একেৰাহে দুটা ছয় মৰাৰ পিছতো তেওঁ আক্ৰমণাত্মক শ্বট খেলিবলৈ আগবাঢ়িছিল। ৮১ ৰানত আউট হৈ খেলপথাৰত নিশ্চিত শতক এৰি থৈ যায়।

কোহলী আউট হোৱাৰ পাছত একেৰাহে দুটা অভাৰত দুটা উইকেট হেৰুৱায় আৰ চি বিয়ে। গুজৰাট শিবিৰত পুনৰ প্ৰত্যাৱৰ্তনৰ ক্ষীণ আশা দেখা দিছিল। অৱশ্যে আৰ চি বিয়ে শেষ হাঁহি মাৰিলে।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ: ২০৫/৩ (সুদৰ্শন ১০০, ভুৱনেশ্বৰ ১/৩১)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ২০৬/৫ (বিৰাট ৮১, দেৱদত্ত ৫৫, ৰছিদ ২/৪৯)

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ৫ উইকেটত জয়লাভ কৰে

Related News