NORTHEAST NOW (Assamese)
অসম

এই খাদ্যবোৰ শৰীৰৰ বাবে আশীৰ্বাদ! নিয়মিতভাৱে খালে তেজৰ পৰা বাহিৰ হৈ যাব বিষাক্ত পদাৰ্থ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2025 7:34 am

তেজ আমাৰ শৰীৰৰ প্ৰাণশক্তি। তেজৰ যোগেদি পুষ্টি আৰু অক্সিজেন শৰীৰৰ প্ৰতিটো কোষলৈ যায়। কিন্তু আজিৰ প্ৰদূষিত পৰিৱেশ আৰু ভুল খাদ্যাভ্যাসৰ বাবে শৰীৰত টক্সিন বা বিষাক্ত পদাৰ্থ জমা হয়, যিবোৰ তেজৰ বাবে ক্ষতিকাৰক। ফলত ছালত ব্ৰণ, ভাগৰ, পাচনতন্ত্ৰৰ সমস্যা আদি দেখা দিয়ে। মুঠৰ ওপৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়।

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ তেজ বিশুদ্ধ কৰি ৰাখিব লাগে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰাকৃতিক খাদ্যই আটাইতকৈ ডাঙৰ ঔষধ। তেনে ক্ষেত্ৰত নিয়মিতভাৱে দুই এটা খাদ্য খাই প্ৰাকৃতিকভাৱে তেজ পৰিষ্কাৰ কৰি ৰখা সম্ভৱ।

িট: এই ৰঙা ৰঙৰ পাচলিয়ে প্ৰাকৃতিক বিষমুক্তকৰণৰ কাম কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু নাইট্ৰেটে ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

শাক পাচলিঃ কচু, ধনীয়া পাত, বন্ধাকবি বা ব্ৰকলিৰ দৰে পাতৰ পাচলিত থকা ক্ল’ৰফিলে শৰীৰত জমা হোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ শোষণ কৰি আঁতৰাই পেলায়।

নহৰু, হালধী: নহৰু এক বিৰাট তেজ বিশুদ্ধকৰণকাৰী উপাদান। ইয়াত থকা ‘এলিচিন’ যৌগটোৱে যকৃতক সক্ৰিয় কৰি ৰাখে আৰু তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। আনহাতে হালধীৰ ‘কাৰকুমিন’ উপাদানে শৰীৰৰ প্ৰদাহ কমায়, সংক্ৰমণ ৰোধ কৰে আৰু তেজক বীজাণুৰ পৰা মুক্ত কৰি ৰাখে।

ছাইট্ৰাছ ফল: নেমু বা অন্যান্য ছাইট্ৰাছ ফলো তেজ বিশুদ্ধ কৰাত ফলপ্ৰসূ। ভিটামিন চিয়ে যকৃতৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পৰা অম্লীয় পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

ইয়াৰ লগতে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত বৃক্কই আৱৰ্জনাবোৰ সহজে ফিল্টাৰ কৰিব পাৰে আৰু তেজ বিশুদ্ধ হৈ থাকে। বিশেষজ্ঞসকলৰ মতে, তেজ পৰিষ্কাৰ কৰি ৰাখিবলৈ ফাষ্ট ফুড বা অতিৰিক্ত তেল-মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। তাৰ পৰিৱৰ্তে সতেজ শাক-পাচলি, ফল-মূল, বাদাম, দালি আৰু শস্যজাতীয় সামগ্ৰী খাব লাগে।

অৱশ্যে শৰীৰৰ নিজৰ বিশুদ্ধকৰণ ব্যৱস্থা অৰ্থাৎ যকৃত আৰু বৃক্ক সুস্থ কৰি ৰখাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। কোনো তথাকথিত ‘ব্লাড পিউৰিফায়াৰ ডিটক্স ড্ৰিংক’ বা ঔষধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰাকৃতিক খাদ্য আৰু সুষম খাদ্যই তেজ পৰিষ্কাৰ কৰাৰ আটাইতকৈ নিৰাপদ উপায় হ’ব পাৰে।