NORTHEAST NOW (Assamese)

নিয়মীয়া হোৱাৰ পথত অসমৰ ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি

July 16, 2019 7:39 pm · কল্পজ্যোতি শইকীয়া
Updated: July 16, 2019 7:43 pm
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিৱালক মঙলবাৰে সাক্ষাৎকালত অসম বিজেপিৰ প্ৰতিনিধি দল। ছবি- নৰ্থ ইষ্ট নাও।

বিজেপিৰ অসম প্ৰদেশৰ সমিতিৰ বিশেষ উদ্যোগত নিয়মীয়াকৰণৰ পথত এখোজ আগবাঢ়িছে অসমৰ ৪১হাজাৰ টেট শিক্ষকৰ চাকৰি।

অসম বিজেপিয়েযে নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰা নাই তাৰেই দৃষ্টান্ত দাঙি ধৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ পৰা মঙলবাৰে এই সন্দৰ্ভত আশ্বাস আদায় কৰিছে দলটোৰ ৰাজ্যিক সমিতিয়ে।

ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলে বর্তমান সেৱা আগবঢ়াই থকা টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত থকা যোগ্যতাৰ অৰ্হতা শিথিল কৰি অসম চৰকাৰক প্ৰয়োজনীয় অনুমতি প্রদানৰ বাবে আবেদন জনাইছে।

আৰু এই আবেদনৰ প্ৰতি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখৰিৱালৰ সঁহাৰি আছিল অতি সদৰ্থক, ৰাজ্যিক বিজেপিৰ বিজ্ঞপ্তিত প্ৰকাশ।

“(অসমত) বর্তমান ৪১হাজাৰ টেট শিক্ষকে সেৱা আগবঢ়াই আহিছে আৰু এইসকল টেট শিক্ষকৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিজেপিৰ প্রতিনিধি দলটোক আশ্বাস প্রদান কৰে। সন্মানীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰতিনিধি দলটোৰ প্ৰতি ভাল সঁহাৰি আগবঢ়াইছে আৰু সমস্যাটো শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰিছে,” মন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে জাৰি বিজেপিৰ বিজ্ঞপ্তিত প্ৰকাশ।

বিজেপিৰ বিজ্ঞপ্তি।

বিগত বিধানসভা নির্বাচনত টেট শিক্ষক সকলৰ বাবে “ভিজন ডকুমেন্ট”ত দিয়া প্রতিশ্রুতি পূৰণ কৰাৰ বাবেই এই সাক্ষাৎ কৰা হৈছিল বুলিও বিবৃতিটোত কোৱা হৈছে।

নিৰ্বাচনী ভিজন ডকুমেণ্টত টেট শিক্ষকৰ সেৱা নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি থকাৰ উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে এই কাম যিমান পাৰি সোনকালে কৰাৰ বাবে তেওঁলোক দায়বদ্ধ।

প্রতিনিধি দলটোত ৰাজ্যিক উপ-সভাপতিদ্বয় ক্রমে প্রদীপ ঠাকুৰীয়া আৰু বিজয় কুমাৰ গুপ্তাৰ লগতে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ দিলীপ শইকীয়া, সাংসদ তপন গগৈ, সাংসদ কামাখ্যা প্রসাদ তাচা আৰু সাংসদ কৃপানাথ মাল্লাও আছিল।

Related News