NORTHEAST NOW (Assamese)
অটো

ৰিলায়েঞ্চ ডিজিটেলৰ উৎসৱৰ বতৰত গ্ৰাহকলৈ বিশেষ ৰেহাই; সোণ, বিলাসী গাড়ী, লেপটপ আদি বিনামূলীয়াকৈ লাভৰ সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2019 7:53 am
Relience Trends

ৰিলায়েঞ্চ ডিজিটেলৰ ‘ফেষ্টিভেল অব ইলেক্ট্ৰ’নিকছে’ দশেৰা উপলক্ষে গ্ৰাহকৰ বাবে লৈ আহিছে বৃহৎ পৰিমাণৰ অফাৰ।

উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰিলায়েঞ্চ ডিজিটেলে বিভন্ন উপহাৰ আৰু ৰেহাইৰ সৈতে ‘ফেষ্টিভ অব ইলেক্ট্ৰ’নিকছ’ নামৰ বিশেষ ডীল মুকলি কৰিছে।

এইবাৰ দশেৰাত ৰিলায়েঞ্চ ডিজিটেল আৰু মাই জিঅ’ এপে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ১৫ শতাংশ কেছবেক আৰু ১০ শতাংশ অতিৰিক্ত ৰেহাইৰ সুবিধা গ্ৰাহকৰ বাবে লৈ আহিছে।

তাৰোপৰি, কিছু সংখ্যক ভাগ্যৱান গ্ৰাহকে ১ কিলোগ্ৰাম সোণ, বিলাসী গাড়ী, দুচকীয়া বাহন, এল ই ডি টিভি, লেপটপ আৰু আই ফোন আদি লাভ কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।

ছয়মাহৰ বাবে এজিঅ’ ভাওচাৰ আৰু জিঅ’চাবান প্ৰো চাবছক্ৰিপশ্যন বিনামূলীয়াকৈ দিয়া হৈছে।

ৰিলায়েঞ্চ ডিজিটেল আৰু মাইজিঅ’ ষ্টোৰ সমূহৰ সকলোতে ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ এই আকৰ্ষণীয় ডীল সমূহ উপলব্ধ হ’ব।

ইয়াৰ ভিতৰত টেলিভিশ্যন, ঘৰুৱা আচবাব, মোবাইল ফোন, লেপটপ আৰু বিভিন্ন ডিজিটেল সামগ্ৰী উপলব্ধ হ’ব।

গ্ৰাহকসকলে ৰিলায়েঞ্চ ডিজিটেলৰ দোকান সমূহলৈ যায় নিজৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিধ বাচনি কৰি উলিয়াব পাৰিব।

বৰ্তমান ৰিলায়েঞ্চ ডিজিটেল হৈছে ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰোনিকছৰ সামগ্ৰী বিক্ৰী কৰ্তা। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬৭০০ চহৰত ৰিলায়েঞ্চ ডিজিটেল ষ্টোৰ উপলব্ধ তাৰোপৰি ৭৭০০ জিঅ’ ষ্টোৰ আৰু ২০০০০তৈ অধিক মাই জিঅ’ চাৰ্ভিছ কাষ্টমাৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ হৈ আছে।