NORTHEAST NOW (Assamese)

বিশিষ্ট শিক্ষাবিদ ড০ অমৰেশ দত্তৰ দেহাৱসান

August 6, 2020 12:32 pm · অভিক চক্ৰৱৰ্তি

বিশিষ্ট শিক্ষাবিদ, শতায়ু গৰকা পণ্ডিত, কবি প্ৰফেছৰ এমেৰিটাছ ড০ অমৰেশ দত্তৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত ডিব্ৰুগড়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স ১০২ বছৰ হৈছিল।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

২০১৮ বৰ্ষত কৃষ্ণ কান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা ড০ দত্তৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জনাইছে।

উল্লেখ্য যে তেওঁৰ কবিতা পুথি কেপটিভ মোমেণ্টছ (১৯৫২)ৰ বাবে ইণ্টাৰনেশ্যনেল এছ’চিয়েশ্যন অফ পয়েট্ৰিৰ তৰফৰ পৰা সন্মানিত বঁটাৰে সন্মানিত হৈছিল।

ড০ দত্তৰ কেইখনমান উল্লেখণীয় প্ৰকাশিত গ্ৰন্থ হ’ল- কেপটিভ মোমেণ্টছ (কবিতা পুথি), শ্বেকছপিয়েৰছ ট্ৰেজিক নিশ্যন এণ্ড আৰ্ট, টাইমছ হাৰভেষ্ট, লটাছ এণ্ড ক্ৰছ।

উল্লেখ্য যে ১৯৫০ চনত প্ৰফেছৰ দত্তই মধ্য প্ৰদেশৰ পৰা কেৰিয়াৰ আৰম্ভ কৰে যদিও পাছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ বদলি হৈ আহে।

১৯৮০ চনত অৱসৰ গ্ৰহণ কৰা দত্তক গুৱাহাটী বিশ্ববিদ্যালয়ে ‍‘প্ৰফেছৰ এমেৰিটাছ‍’ সন্মানেৰে সন্মানিত কৰিছিল।

Related News