NORTHEAST NOW (Assamese)

মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

September 16, 2023 1:12 pm · এন ই নাও নিউজ, গুৱাহাটী

মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰা সম্ভৱনে? মানুহৰ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ প্ৰচেষ্টা আজিৰ নহয়। কিন্তু এইবাৰ বিজ্ঞানীসকলে এই বিষয়ত ডাঙৰ সফলতা লাভ কৰিলে। তেওঁলোকে সফলতাৰে এজন ‘ব্ৰেইন ডেড’ ব্যক্তিৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰে। সেই বৃক্কটো ২ মাহ ধৰি কাৰ্যক্ষম হৈ থাকিল! গৱেষকসকলে ইয়াক এক বৃহৎ সফলতা বুলি ভাবে।

নিউয়ৰ্কৰ ট্ৰান্সপ্লাণ্ট চাৰ্জন ডাঃ ৰবাৰ্ট মন্টোগোমাৰীৰ নেতৃত্বত এই প্ৰতিস্থাপন সম্ভৱ হৈছিল। এতিয়া সংৰোপণ কৰা বৃক্কটো মৃতকৰ দেহৰ পৰা উলিয়াই পৰিয়াললৈ সেইটো ঘূৰাই দিয়া হৈছে।

ইয়াৰ পূৰ্বেও মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক (Kidney) সফলতাৰে প্ৰতিস্থাপন কৰা হৈছিল। কিন্তু ইমান দীঘলীয়া সময় ধৰি সি কাম কৰা নাছিল।

ফটো: সংগ্ৰহীত।

কেৱল আমেৰিকাতে এক লাখ লোক অংগ বিকল হোৱাৰ সমস্যাত ভুগি আছে। ইয়াৰে অধিকাংশই বৃক্কৰ ৰোগত আক্ৰান্ত। এই ছবিখনে দেখুৱায় যে অংগ প্ৰতিস্থাপন কিমান গুৰুত্বপূৰ্ণ।

এই ক্ষেত্ৰত যদি জন্তুৰ অংগ প্ৰতিস্থাপন কৰিব পৰা যায়, তেন্তে পৰিস্থিতি অধিক নিয়ন্ত্ৰণযোগ্য হ’ব বুলি গৱেষকমহলে ধাৰণা কৰে। সেই দিশত শেহতীয়া এই সফলতাই  নতুন আশাৰ পোহৰ দেখুৱালে।

Related News