NORTHEAST NOW (Assamese)

পৰ্য্যটকৰ বেশত চোৰাং চিকাৰীয়ে গঁড় হত্যাৰ পৰিকল্পনা কৰিব পাৰে: কাজিৰঙাত বন মন্ত্ৰী শূক্লবৈদ্য

December 19, 2018 10:51 pm · উত্তম শইকীয়া
Updated: December 19, 2018 10:53 pm
বুধবাৰে কাজিৰঙাত বন মন্ত্ৰী। ছবি- নৰ্থ ইষ্ট নাও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ১৫ ডিচেম্বৰত হোৱা গঁড় হত্যাৰ বুজ ল’বৰ বাবে বুধবাৰে কাজিৰঙাত আহি উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰা স্থান পৰিদৰ্শন কৰে৷ কাজিৰঙাত পুনৰ কেনেকৈ গঁড় হত্যা হ’বলৈ পালে তাৰ বুজ ল’বলৈহে কাজিৰঙাত উপস্থিত হোৱা বুলি মন্ত্ৰী শুক্লবৈদ্যই সাংবাদিকক জনায়।

লগতে পৰ্য্যটকৰ বেশত অহা চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ পৰিকল্পনা কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ বিভাগীয় দুৰ্বলতাও গঁড় হত্যাৰ কাৰণ হ’ব পাৰে বুলি মন্তব্য কৰি পৰিমল শুক্লবৈদ্যই অতি সোনকালে চোৰাংচিকাৰীক কৰায়ত্ত কৰাৰ কথা কয়৷

চলিত বৰ্ষত বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ইয়াৰ ভিতৰত তেওঁ দায়িত্ব লোৱাৰ পাছত কাজিৰঙাত ৪টা গঁড়হে হত্যা হৈছে৷

বাগৰিৰ গঁড় হত্যাৰ স্থান পৰিদৰ্শনৰ পাছত গোলাঘাট, কাৰ্বি আংলং, নগাওঁ আৰু শোণিতপুৰ জিলাৰ আৰক্ষী বিষয়া, বন বিভাগৰ বিষয়া আৰু এচ টি এফৰ কমাণ্ডেণ্টৰ সৈতে মন্ত্ৰী গৰাকীয়ে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয়৷

বৈঠকত কাজিৰঙাৰ গঁড় হত্যা প্ৰতিৰোধৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰা হয়৷

Related News