NORTHEAST NOW (Assamese)

মেচৰ মাজতে ড্ৰেছিং ৰুমত ই-চিগাৰেট সেৱন, ৰিয়ান পৰাগক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা

April 30, 2026 3:31 pm ·
Updated: May 21, 2026 10:39 am

আই পি এল ২০২৬ ৰ এখন মেচৰ সময়ত ড্ৰেছিং ৰুমৰ ভিতৰত ভেপিং কৰি কেমেৰাত ধৰা পৰাৰ পিছত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক মেচৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে। মুলনপুৰত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত এই ঘটনা সংঘটিত হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে এক বিবৃতিত জনায় যে টাটা আই পি এল ২০২৬ ৰ ৪০ নং মেচখনত খেলুৱৈ আৰু দলৰ বিষয়াৰ আচৰণ বিধিৰ লেভেল ১ ভংগ কৰাৰ বাবে ৰিয়ান পৰাগক জৰিমনা বিহাৰ লগতে এটা ডেমেৰিট পইণ্টো দিয়া হৈছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৰিয়ানে আই পি এলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰা দেখা গৈছে। এই অনুচ্ছেদে ক্ৰিকেট খেলখনৰ সুনাম ম্লান কৰা যিকোনো আচৰণক সামৰি লয়। পঞ্জাবৰ বিৰুদ্ধে মেচখনৰ দ্বিতীয় ইনিংছ চলি থকাৰ সময়তে ৰিয়ানে ড্ৰেছিং ৰুমৰ ভিতৰত ভেপ ব্যৱহাৰ কৰা দেখা গৈছিল। পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰে আৰু মেচ ৰেফাৰী অমিত শৰ্মাই গ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থা মানি লয়। যিহেতু এইটো এটা লেভেল ১ অপৰাধ আছিল, সেয়েহে ইয়াৰ বাবে কোনো সুকীয়া শুনানিৰ প্ৰয়োজন নহল।

কেৱল খেলুৱৈগৰাকীৰ ওপৰতেই নহয়, বিচিচিআইয়ে ৰাজস্থান ৰয়েলছ দলটো আৰু ইয়াৰ বিষয়াসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে। আই পি এলৰ সুনাম যাতে কোনো কাৰণতে ম্লান নপৰে, তাৰ বাবে বৰ্ডে ভুল কৰা দল আৰু খেলুৱৈৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিকল্পসমূহ বিচাৰ কৰি চাইছে। এই সন্দৰ্ভত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে যে বিবৃতিটোত উল্লেখ কৰাৰ দৰেই দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা লব পাৰি সেই বিষয়ে পৰ্যালোচনা চলি আছে যদিও এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৯ চনতে ই-চিগাৰেটৰ উৎপাদন, বিক্ৰী আৰু বিতৰণত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। আইন অনুসৰি এনে অপৰাধৰ বাবে প্ৰথমবাৰত এবছৰ পৰ্যন্ত কাৰাদণ্ড বা এক লাখ টকাৰ জৰিমনা হব পাৰে। আনহাতে, আই পি এলৰ আচৰণ বিধিৰ ২.২১ নং অনুচ্ছেদে ৰাজহুৱা স্থানত অসৎ আচৰণ, অশান্তিপূৰ্ণ কাম-কাজ আৰু খেলৰ স্বাৰ্থৰ পৰিপন্থী মন্তব্য আদি নিষিদ্ধ কৰে। অপৰাধৰ মাত্ৰা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক সৰু পৰ্যায়ৰ লেভেল ১ ৰ পৰা অতি গুৰুতৰ লেভেল ৪ লৈকে শ্ৰেণীভুক্ত কৰা হয়। বৰ্তমান এই ঘটনাই ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

Related News