NORTHEAST NOW (Assamese)

যোৰাবাটত তীব্ৰবেগী এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত

August 13, 2019 5:11 pm · এন ই নাও নিউজ
দুৰ্ঘটনাগ্ৰস্ত এম্বুলেঞ্চখন

মহানগৰীৰ সমীপৰ যোৰাবাটত মঙলবাৰে এখন ৰোগী কঢ়িওৱা এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হয়।

যোৰাবাটৰ নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পাতালৰ সন্মুখতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এম্বুলেঞ্চখন।

জানিব পৰা মতে, তীব্ৰ বেগত আহি থকা এম্বুলেঞ্চখনে চালকৰ নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰে।

গছত খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনৰ সন্মুখভাগ একেবাৰে বিধ্বস্ত হৈ পৰে।

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকগৰাকী গাড়ীখনৰ ভিতৰতে আবদ্ধ হৈ পৰে যদিও ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চালকগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এম্বুলেঞ্চ চালকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতা-হত হোৱাৰ বাতৰি লাভ কৰা হোৱা নায়।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত বহু সংখ্যক লোকে ভিৰ কৰে যাৰ বাবে কিছু সময় ধৰি পথ চোৱাত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।

Related News