NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাই জীৱন কাঢ়ি নিলে এজন উদীয়মান কবিৰ

Posted by: কল্পজ্যোতি শইকীয়া/ভাৰ্গৱ হাজৰিকা Updated by: কল্পজ্যোতি শইকীয়া/ভাৰ্গৱ হাজৰিকা July 9, 2019 11:31 am
Accident

যোৰাবাটত সোমবাৰে নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু হয় এজন উদীয়মান কবিৰ। কবিজনৰ নাম পৱন পল্লৱ বৰ্মন বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ১১ মান বজাত বৰ্মনে স্কুটী লৈ সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত যোৰাবাট আৰক্ষী চকীৰ সমীপত টাৰ্ণিং লওঁতেই ৰন্ধন গেছ কঢ়িওৱা এখন টেংকাৰৰ তলত সোমাই যায়। যাৰ ফলত থিতাতে নিহত হয় পৱন পল্লৱ।

গুৱাহাটীৰ লখৰাৰ বেতকুছিত ভাৰাতীয়া হিচাপে থকা নিহত পৱন পল্লৱৰ ঘৰ গোৰেশ্বৰৰ গাছবাৰীত বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে যোৰাবাট আৰক্ষীয়ে ৰন্ধন গেছ কঢ়িওৱা AS 01FC 6957 নম্বৰৰ টেংকাৰখন জব্দ কৰিছে।

নগাঁৱৰ গোমোঠাগা‍ঁৱত পথ দুৰ্ঘটনাত, নিহত এজন

নগাঁও জিলাৰ ইটাচালী আৰক্ষী চকীৰ অধীনৰ গোমোঠাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো কালি নিশা প্ৰায় ৯মান বজাত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দিলীপ শইকীয়া(৪২) নামৰ এজন লোক থিতাতে নিহত হয়।

জানিব পৰা মতে, এটা কোম্পানীত কৰ্মৰত দিলীপ শইকীয়াই নিজৰ কৰ্মস্থলীৰ পৰা বঢ়মপুৰ হালোৱাগাঁৱৰ শহুৰেকৰ ঘৰলৈ এখন টেম্পোৰে গৈ থকা অৱস্থাত টেম্পোখনক পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মৰাৰ ফলত বহু দুৰত চিটিকি পৰে টেম্পোখন।

এই ঘটনাটোত টেম্পোখনৰ যাত্ৰী হিচাপে আহি থকা দিলীপ শইকীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায় আৰু তেওঁৰ গাৰ ওপৰেৰে ডাম্পাৰখন চলি যোৱাৰ ফলত থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত টেম্পোখনত যাত্ৰী হিচাপে অহা আন এজন লোক গুৰুতৰ ভাৱে আহত হয় যদিও স্থানীয় লোকৰ সহযোগত তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য যে মৃত দিলীপ শইকীয়াৰ ঘৰ বঢ়মপুৰৰ সমীপৱৰ্তী কন্দলিত বুলি জানিব পৰা গৈছে।