NORTHEAST NOW (Assamese)

কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

January 24, 2022 4:21 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: January 24, 2022 4:22 pm

কলিয়াবৰৰ দেওচুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ৱাগ’নাৰ বাহনে মিনি ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে ৱাগ’নাৰ বাহনখনে গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি আছিল।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুজিৎ কুমাৰ শইকীয়া আৰু জয়ৰাম শইকীয়াক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাত দুয়োকে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

AS 01 AR 1973 নম্বৰৰ ৱাগ’নাৰ বাহনখনে AS 03 AC 5095 নম্বৰৰ এখন মিনি ট্ৰাকত খুন্দিয়াই দিয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

আহত দুয়োগৰাকী ব্যক্তিৰ ঘৰৰ গোলাঘাটত বুলি জানিব পৰা গৈছে।

Related News