NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বৰালিগাঁৱত এল্ট’ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 26, 2019 7:02 am
Screenshot_20190625_215951

মঙলবাৰে বিয়লি কলিয়াবৰৰ বৰালিগাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী।

জানিব পৰা মতে তিনিচুকীয়াৰ পৰা নগাঁও অভিমুখে তীব্ৰ বেগত অহা এখন AS-19B-6I31 নম্বৰৰ এল্ট’ বাহনে এখন A S12-K-5860 নম্বৰৰ বাইকত খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত বাইক আৰোহী অৰূপজ্যোতি মহন্তক মিছা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথমে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে মহন্তক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

স্থানীয় ৰাইজে আমাক জানিবলৈ দিয়া অনুসৰি দ্ৰুত বেগত আহি থকা এল্ট’ গাড়ী খনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত মুখী বাইকখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। বাইক আৰোহী জনৰ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে।