NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত সান্ধ্য আইনৰ মাজতে পথ দুৰ্ঘটনা ; সংকটজনক অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি

May 11, 2020 10:29 pm · মানস প্ৰতীম গগৈ

মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনৰ সন্মুখত আজি সন্ধিয়া প্ৰায় ৭ মান বজাত এ এছ-২৩ য়ু-২৪৬২ নম্বৰৰ এখন য়’ন আৰু এ এছ-২৩ আৰ-০৮৮৬ নম্বৰৰ এখন আই টেন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ ফলত এজন লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোৰ ফলত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হোৱা ব্যক্তি গৰাকী এম ৰহমান বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে য়’ন বাহনখনৰ চালকজনে অত্যধিক সুৰাপান কৰি গাড়ী চলোৱা বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰে।

উল্লেখ যোগ্য যে, ক’ৰ’না মহামাৰীৰ ফলত দেশত ল’কডাউন চলি আছে আৰু শেহতীয়াকৈ অসমত সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈকে সান্ধ্য আইন বলবৎ কৰা হৈছে কিন্তু সান্ধ্য আইনৰ মাজতে কি দৰে সন্ধিয়া ৬ বজাৰ পাচতো ব্যক্তিগত বাহন ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰি আছে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

ল’কডাউনৰ সময়ত চালকে সুৰাপাণ কৰি দুৰ্ঘটনা সংঘটিত কেনেদৰে কৰিবলৈ পালে বুলি মাৰ্ঘেৰিটা আৰক্ষী তথা প্ৰশাসনক ৰাইজে প্ৰশ্ন কৰিছে।

Related News