NORTHEAST NOW (Assamese)

Road accident মাজনিশা গুৱাহাটী মহানগৰীৰ ছয়মাইলত পথ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই গছত ওলমি থাকিল বাহন।

June 23, 2022 11:24 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: June 23, 2022 11:25 am

মাজনিশা মহানগৰীৰ ছয়মাইলত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত ওলমি থাকিল বাহন।

দুৰ্ঘটনা কৰিয়েই বাহন খনৰ চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাত পতিত গাড়ী খনৰ নম্বৰ AS 07J 9299।

গণেশগুৰিৰ পৰা খানাপাৰা অভিমুখী আছিল বাহনখন।

মাজনিশা প্ৰায় ১:৩০ বজাত ঘটিছিল এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাহনখন।

ঘটনাস্থলীত লগে লগে দিছপুৰ আৰক্ষী উপস্থিত হৈ বাহনখন থানালৈ লৈ যায়।

ছয়মাইল উৰণীয়া সেঁতুৰ সমীপৰ আনন্দনগৰ পথৰ কাষত ঘটিছে এই দুৰ্ঘটনা।

মহানগৰীত সুৰাপায়ী গাড়ীচালকৰ দৌৰাত্ম্য এয়াই প্ৰথম নহয়। পূৰ্বেও এনে দুৰ্ঘটনা বহু ঘটিছিল।

Related News