NORTHEAST NOW (Assamese)

৫৯ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

December 20, 2020 1:46 pm · এন ই নাও নিউজ
ক্ৰিষ্টিয়ানো ৰ'নাল্ডো।

জুভেন্টাছৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চিৰি-এৰ আওতে পাৰ্মাৰৰ বিৰুদ্ধে দুটা গল কৰি ৫৯ বছৰৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে।

চলিত কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৩৩টা গল কৰি এই কৃতিত্বৰ অধিকাৰী হৈছে পৰ্তুগালৰ তাৰকাগৰাকীয়ে।

ইটালিয়ান লীগৰ ইতিহাসত এটা কেলেণ্ডাৰ বৰ্ষত এয়া যুগ্মভাৱে তৃতীয় সৰ্বোচ্চ গলৰ সংখ্যা।

ৰোনাল্ডোৰ ৫৯বছৰ পূৰ্বে এটা কেলেণ্ডাৰ বৰ্ষত ৩৩টা গল কৰাৰ অভিলেখ গঢ়িছিল আৰ্জেন্টিনাৰ ফৰ’ৱাৰ্ড ওমাৰ চিভ’ৰিয়ে।

তেওঁ ১৯৬১চনত এটা বৰ্ষত ইমান সংখ্যক গল কৰিছিল। ৰোনাল্ডোকে ধৰি এতিয়ালৈকে চাৰিগৰাকীয়ে এই কৃতিত্বৰ অধিকাৰী হৈছে।

এইক্ষেত্ৰত সৰ্বাধিক ৪১টা গল কৰি সকলোৰে ওপৰত আছে ফেলিছ বোৰেল। তেওঁ ১৯৩৩চনত এই অভিলেখ গঢ়িছিল।

ইয়াৰ বাহিৰে গানাৰ নৰ্ডালে ১৯৫০চনত ৩৬টা গল কৰিছিল।

Related News