NORTHEAST NOW (Assamese)
Popular Stories

IPL 2024: কোহলীৰ বিৰাট ইনিংছ! পঞ্জাৱ কিংছক হেলাৰঙে হৰুৱালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2024 7:46 am

ডাঙৰ স্ক’ৰ কৰাৰ পিছতো উদ্বিগ্ন আছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। কিন্তু শেষত ৰান চেজত পৰাস্ত হয় পঞ্জাব। ফলত আই পি এলত কাৰ্যতঃ টিকি থাকিল বিৰাট কোহলীৰ দল। বৃহস্পতিবাৰে বেটিঙত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিলে “কিং” কোহলীয়ে। পিছত শশাংকক যিদৰে ৰান আউট কৰিছিল, সেইটোৱে দেখুৱাইছিল যে তেওঁ জয়ী হ’বলৈ কিমান আগ্ৰাসী হৈ পৰিছিল।

পঞ্জাবে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিতে অধিনায়ক ফাফ ডু প্লেছিছ (৯) উভতি যোৱাৰ পিছতো কোহলী আছিল আক্ৰমণাত্মক। উইল জেকছ (১২) আউট হোৱাৰ পিছত ৰজত পাটিদাৰে তেওঁৰ সৈতে যুটী বান্ধে। তেওঁৰ ২৩টা বলত ৫৫ ৰানৰ ইনিংছটোত আছিল ছয়টা অভাৰ বাউণ্ডেৰী আৰু ৩টা বাউণ্ডেৰী। কেমেৰন গ্ৰীনে ২৭ বলত ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৪৬ ৰান সংগ্ৰহ কৰে। শেষত দীনেশ কাৰ্তিকেও ৭টা বলত ১৮ ৰান কৰে।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু আৰ চি বিৰ ইনিংছৰ প্ৰকৃত কলাকাৰ আছিল নিশ্চিতভাৱে ‘কিং’ কোহলী। তেওঁ ৪৭ টা বলত ৯২ ৰান কৰে। তেওঁ ইনিংছটো ৬টা ছয় আৰু ৭টা চাৰিৰে সজাইছিল। তেওঁৰ ইনিংছটোৱে পঞ্জাৱৰ বলাৰসকলৰ ওপৰত চাপ অটুট ৰাখিছিল। কিন্তু তেওঁ বাউণ্ডেৰী লাইনত কেচ দি অনুৰাগীক হতাশ কৰি শতক এৰি খেলপথাৰ এৰিলে।

এই মুহূৰ্তত অৰেঞ্জ কেপৰ মালিক বিৰাটে চলিত প্ৰতিযোগিতাত ৬০০ ৰানৰ সীমা অতিক্ৰম কৰিলে। আই পি এলত এতিয়ালৈকে এটা ছিজনত সৰ্বাধিক ৬০০ৰ অধিক ৰান অৰ্জন কৰিছে ক্ৰীছ গেইলে। বৃহস্পতিবাৰে বিৰাটে ‘কেৰিবিয়ান জায়েন্ট’ক স্পৰ্শ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এতিয়ালৈকে ৰাণ পালেও তেওঁৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উঠিছিল। কিন্তু বৃহস্পতিবাৰৰ ১৯৬ ষ্ট্ৰাইক ৰেটেৰে খেলা ইনিংছটো সকলো সমালোচনাৰ উৰ্ধত।

ফটো সৌজন্যঃ আইপিএল।

অৱশেষত বেংগালুৰুৱে ৭ উইকেটত ২৪১ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়। ডাঙৰ ৰান সংখ্যাৰ পিছতো যিহেতু প্ৰতিদ্বন্দ্বী পঞ্জাব আছিল, গতিকে সকলোৱে ভাবিছিল যে খেলখন যিকোনো দিশতে যাব পাৰে। মাত্ৰ এপষেকৰ আগতে তেওঁলোকে টী-২০ৰ সকলো মেচতে সৰ্বাধিক ৰান চেজ কৰি জয়লাভ কৰিছিল। গতিকে আই পি এলত বৰ্তি থাকিবলৈ তেওঁলোকে যে বৃহস্পতিবাৰেও কোহলী বাহিনীক অতিক্ৰমি যোৱাৰ খেল খেলিব সেয়া স্পষ্ট আছিল।

ইনিংছৰ চতুৰ্থ বলতে অৱশ্যে প্ৰভাসিমৰন সিং (৬) পুনৰ স্বপ্নীল সিঙৰ বলত আউট হৈ যায়। কিন্তু ৰাইলী ৰ’ছ’ আৰু জনী বেয়াৰষ্ট’ (১৬ বল ২৭)ৰ বেটিং বিক্ৰমেৰে পঞ্জাবে দ্ৰুতগতিত মেচলৈ উভতি আহিল। ডু প্লেছিছে বেয়াৰষ্ট’ক দুৰ্দান্ত কেচ ধৰি  ঘূৰাই পঠিয়ায়। কিন্তু তেতিয়ালৈকে ষষ্ঠ অভাৰ শেষ হোৱাৰ আগতেই স্ক’ৰ ৭১! কিন্তু এই আক্ৰমণৰ দায়িত্ব আছিল মূলতঃ ৰ’ছ’ৰ ওপৰত (৬১)। তেওঁ ২৭ বলৰ ইনিংছটোত ৯টা বাউণ্ডেৰী আৰু ৩টা ছয় মাৰিছিল। কিন্তু সামান্য ভুল হিচাপৰ বাবে তেওঁ লং অনত ধৰা পৰিল।

ফটো সৌজন্যঃ আইপিএল।

ৰ’ছ’ ঘূৰি অহাৰ লগে লগে পঞ্জাৱৰ বেটিং অৰ্ডাৰ ভাঙি পৰে। জিতেশ শৰ্মা (৫) আউট হোৱাৰ বিপৰীতে লিভিংষ্টনে কোনো ৰান নকৰাকৈ ঘূৰি আহে। তেতিয়া স্ক’ৰ আছিল ১২৬/৫। অৱশ্যে শশাংক সিঙে ৪টা বাউণ্ডেৰী আৰু দুটা ছয়ৰে ৩৭ ৰান সংগ্ৰহ কৰি পঞ্জাবক পুনৰ যুঁজৰ মাজলৈ আনে। কিন্তু বিৰাট কোহলীৰ দুৰ্দান্ত থ্ৰ’ত তেওঁ ৰান আউট হয়। সেই মুহূৰ্ততে পঞ্জাৱৰ সংগ্ৰাম বন্ধ হৈ গ’ল। ইয়াৰ পিছত তেওঁলোকে কেতিয়াও যুঁজলৈ ঘূৰি আহিব নোৱাৰিলে। শেষত তেওঁলোকে মেচখনত ৬০ ৰাণত পৰাস্ত হ’বলগীয়া হয়।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ২৪১/৭ (কোহলী ৯২, পাটিদাৰ ৫৫, হৰ্ষল পেটেল ৩৮/৩)

পঞ্জাৱ কিংছঃ ১৮১/১০ (ৰ’ছ’ ৬১, শশাংক ৩৭, ছিৰাজ ৪৩/৩)

বেংগালুৰুৱে ৬০ ৰানত জয়লাভ কৰে।