NORTHEAST NOW (Assamese)

ৰয়েল থাই আৰ্মিয়ে ক্ৰয় কৰিব ৬০০ টাটা মিলিটাৰী ট্ৰাক

August 27, 2020 8:39 pm · এন ই নাও নিউজ

ভাৰতীয় বাহন নিৰ্মাতা সংস্থা টাটা মটৰছৰ দ্বাৰা নিৰ্মিত টাটা এল পি টি এ মিলিটাৰী ট্ৰাক ক্ৰয় কৰাৰ বাবে প্ৰয়োজনীয় চুক্তি সমূহ প্ৰায়  সম্পূৰ্ণ কৰি তুলিছে ৰোয়েল থাই আৰ্মিয়ে।

ৰয়েল থাই আৰ্মিৰ বাবে থাইলেণ্ড চৰকাৰে ৬০০ খনৰো অধিক টাটা এল পি টি এ ট্ৰাক ক্ৰয় কৰাৰ বাবে চুক্তি সম্পুৰ্ণ কৰিছিল।

ভাৰতত থকা থাইলেণ্ডৰ দূতাবাস চুটিনটৰ্ণ চাম গংচকাডিয়ে এই কথা সদৰী কৰে।

”টাটা এল পি টি য়ে মিলিটাৰী ট্ৰাক সমূহ শক্তিশালী আৰু সহজে পৰিচালিত। আমাৰ উদ্দেশ্যৰ বাবে কাৰ্য্যকৰী আৰু দেশসেৱাৰ বাবে উৎকৃষ্ট,” থাইলেণ্ডৰ দূতাবাস গৰাকীয়ে টাটা এল পি টি এ ট্ৰাকক প্ৰশংসা কৰি এইদৰে লিখে।

উল্লেখযোগ্য যে, ভাৰতীয় সেনা বাহিনীয়ে দীৰ্ঘসময়ৰ পৰা টাটাৰ দ্বাৰা নিৰ্মিত মিলিটাৰী ট্ৰাক ব্যৱহাৰ কৰি আহিছে।

ৰয়েল থাই আৰ্মিয়ে ক্ৰয় কৰিবলগীয়া টাটা এল পি টি এ মিলিটাৰী ট্ৰাকো ভাৰতীয় সেনা বাহিনীত ব্যৱহাৰ কৰি থকা হৈছে।

Related News