NORTHEAST NOW (Assamese)

বিটিচিত ১০০০কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ আৰ টি আই কৰ্মীৰ

May 3, 2020 1:17 pm · ৰিনয় বসুমতাৰী
শনিবাৰে কোকৰাঝাৰত য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(বিটিচি)ত ১০০০কোটি টকাৰ এক বৃহৎ  কেলেংকাৰীৰ ঘটনা শনিবাৰে পোহৰলৈ আহিছে।

এই কেলেংকাৰীত সাঙোৰ খাই পৰিছে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে আন কেইগৰাকীমান ঠিকাদাৰ।

শনিবাৰে আৰ টি আই তথ্যৰ জৰিয়তে এই কথা সদৰী কৰা হৈছে।

য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে শনিবাৰে অভিযোগ কৰে যে বিপিএফৰ নেতা আৰু ঠিকাদাৰে ৰাজ্যপালৰ শাসনৰ সময়ত তেওঁলোকৰ দুৰ্নীতি ওলাই পৰে বুলি ভয় খাইছে।

‘’সেইবাবেই হতাশাত ভূগি তথা উদ্বিগ্নতাৰে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে তেওঁ এতিয়াও অনানুষ্ঠিকভাৱে বিটিচিৰ মুৰব্বী,’’-মেচে এইদৰে অভিযোগ কৰে।

শনিবাৰে য়ুপিপিএলৰ হৈ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে এখন সংবাদমেল সম্বোধন কৰি সদৰী কৰে যে এই কেলেংকাৰী পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ আৰু ভৈয়াম জনজাতি তথা পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত সংঘটিত হৈছিল।

সংবাদমেলখনত পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে লগতে বিটিচি অঞ্চলত ২০১২ চনৰ পৰা ২০১৯চনৰ ভিতৰত সংঘটিত কৰা এই বৃহৎ কেলেংকাৰীটোত বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে  জড়িত থকা ঠিকাদাৰ/যোগানকাৰী এন্টাৰপ্ৰাইজৰ নাম, ঠিকনাকে ধৰি বিতং তথ্য উল্লেখ কৰে।

মেচে লগতে কয় যে এই বৃহৎ কেলেংকাৰীটোৰ সৈতে জড়িত হৈ থকা বিপিএফৰ নেতা, বিষয়া আৰু বিটিচিৰ ঠিকাদাৰসকলৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

দেৱ মেচে লগতে  বিটিচিত বিপিএফ দলে শাসন চলোৱা বিগত ১৭ বছৰত সংঘটিত হোৱা চৰকাৰী পুঁজিৰ অনিয়ম তথা অপব্যৱহাৰৰ সন্দৰ্ভত ৰাজ্যপালক শীঘ্ৰেই তদন্ত বা অনুসন্ধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায়।

Related News