NORTHEAST NOW (Assamese)

সামৰিক অনুশীলন নে যুদ্ধৰ প্ৰস্তুতি! বেলিষ্টিক মিছাইলৰ পৰীক্ষণ চলালে ৰাছিয়াই

February 19, 2022 7:37 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেনৰ সাম্প্ৰতিক যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে আজি ৰাছিয়াই হাইপাৰচনিক, ক্ৰুজ আৰু পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল সফলতাৰে পৰীক্ষা কৰে।

ইউক্ৰেনৰ সৈতে চলি থকা উত্তেজনাপূৰ্ণ ৰাজনৈতিক বিবাদৰ মাজতে ৰাছিয়াৰ এই পৰীক্ষণে চৰ্চাৰ সৃষ্টি কৰাৰ পিছতে ক্ৰেমলিনে ইয়াক পৰিকল্পিত অনুশীলনৰ অংশ বুলি উল্লেখ কৰিছে।

এই পৰীক্ষণত টি ইউ-৯৫ বোমাৰু আৰু চাবমেৰিন অন্তৰ্ভুক্ত আছিল বুলি ইউক্ৰেনে সদৰি কৰিছে।

ৰাছিয়াৰ চীফ অৱ জেনেৰেল ষ্টাফ ভালেৰী গেৰাচিম’ভে এই অনুশীলনত মুখ্যত: দুটা উদ্দেশ্য আছে বুলি উল্লেখ কৰে। সম্ভাৱ্য বিপদৰ সময়ত এই অস্ত্ৰসমূহৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা এই অনুশীলনৰ প্ৰাথমিক উদ্দেশ্য হিচাপে চিহ্নিত কৰা হৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেন সীমান্তৰ পৰা সেনাৰ এক বুজন অংশ প্ৰত্যাৰ্গমন কৰিছে বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে ৰাছিয়াৰ এই ঘোষণাৰ কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰি ৰাছিয়াক যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল।

Related News