NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ লক্ষ্যবস্তুত প্ৰত্যক্ষ আক্ৰমণৰ ভাবুকি ৰাছিয়াৰ; কাৰণটো কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 24, 2024 9:14 am

ইউক্ৰেইন যুদ্ধক লৈ পশ্চিমীয়া দেশৰ সৈতে ৰাছিয়াৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আহিছে। শেহতীয়াকৈ পশ্চিমীয়া কিছুমান দেশৰ নেতাৰ ভাবুকিৰ বাবে এই উত্তেজনা আৰু বৃদ্ধি পাইছে।

এইবাৰ যদি ইউক্ৰেইনে ব্ৰিটিছ অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভূখণ্ড আক্ৰমণ কৰে তেন্তে ৰাছিয়াই ব্ৰিটেইনৰ লক্ষ্যবস্তুত আক্ৰমণ কৰি প্ৰতিশোধ লোৱাৰ ভাবুকি দিছে।

লগতে পঢ়কঃ ছত্তীশগড়ৰ বনাঞ্চলত তুমুল সংঘৰ্ষ, নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৭জন মাওবাদী

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই বৃহস্পতিবাৰে এই ভাবুকি প্ৰদান কৰে।

জাখাৰোভাই সাংবাদিকৰ আগত কয় যে এনে পৰিস্থিতিৰ ফলত ইউক্ৰেইনৰ ভূখণ্ড আৰু ইয়াৰ সীমাৰ বাহিৰত ব্ৰিটিছৰ লক্ষ্যবস্তুত আক্ৰমণ হ’ব পাৰে।

চলিত মাহৰ আৰম্ভণিতে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ কেমেৰনে কৈছিল যে ইউক্ৰেইনে ইচ্ছা কৰিলে ব্ৰিটিছ অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভিতৰত আক্ৰমণ কৰিব পাৰে।

লগতে পঢ়কঃ `দেশলৈ উভতি আহি আত্মসমৰ্পণ কৰক’! নাতিয়েক প্ৰজ্জললৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ বাৰ্তা

তেওঁৰ ঘোষণাৰ পিছত মস্কোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আনকি পুটিনে নতুনকৈ আৰম্ভ হোৱা পাৰমাণৱিক অনুশীলনৰ অন্যতম কাৰণ হিচাপে কেমেৰনৰ বক্তব্যকে দায়ী কৰিছিল।