NORTHEAST NOW (Assamese)
Popular Stories

কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰিলে ভাৰতীয় ঔষধ কোম্পানীৰ গুদাম, পৰিকল্পিত আক্ৰমণৰ অভিযোগ ইউক্ৰেইনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2025 11:36 am

ইউক্ৰেইনত থকা এটা ভাৰতীয় কোম্পানীৰ ঔষধ গুদাম ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ধ্বংস হৈছে। শনিবাৰে কিয়েভে এক বিবৃতিত এই তথ্য ৰাজহুৱা কৰে। ইউক্ৰেইনত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত মাৰ্টিন হেৰিছে এই আক্ৰমণৰ পাছতে ক্ষতিগ্ৰস্ত গুদামটোৰ ফটো প্ৰকাশ কৰা হৈছে

এই কাণ্ডৰ পাছতে ভাৰতত থকা ইউক্ৰেইনৰ দূতাবাসে  এক্স হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আজি ৰাছিয়াই ইউক্ৰেইনৰ ভাৰতীয় ঔষধ কোম্পানী কুসুমৰ গুদামত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলালে।তেওঁলোকে ভাৰতৰ সৈতে ভাল সম্পৰ্ক থকা বুলি দাবী কৰে, তথাপিও তেওঁলোকে ইচ্ছাকৃতভাৱে ভাৰতীয় কোম্পানীক আক্ৰমণ কৰে। এই ঔষধ কোম্পানীটোৱে ইউক্ৰেইনত শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে ঔষধ প্ৰস্তুত কৰে। তেওঁৰ ওপৰত এই আক্ৰমণ পৰিকল্পিত আক্ৰমণ। ইউক্ৰেইনে এই ঘটনাক গৰিহণা দিছে।

ব্ৰিটিছ ৰাষ্ট্ৰদূতে লিখিছে, “আজি পুৱা ৰাছিয়াৰ ড্ৰনে কিয়েভৰ এটা ডাঙৰ ঔষধৰ গুদাম ধ্বংস কৰে। বৃদ্ধ আৰু শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধ ধ্বংস কৰা হৈছে। ইউক্ৰেইনৰ সাধাৰণ জনসাধাৰণৰ ওপৰত ৰাছিয়াই কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ কৰা নাই।

মন কৰিবলগীয়া যে যোৱা মাহৰ মাজভাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি সন্দৰ্ভত পুটিনৰ সৈতে কথা পাতিছিল। হোয়াইট হাউছৰ বিবৃতিত কোৱা হৈছে যে পুটিন আৰু ট্ৰাম্পে এই কথাত একমত হৈছে যে ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখনেই এই ৰক্তাক্ত যুদ্ধত অপূৰণীয় লোকচানৰ সন্মুখীন হৈছে। যি পৰিমাণৰ শক্তি আৰু ধনৰ অপচয় হৈছে, সেইখিনি মানৱীয় সাহাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা গলহেঁতেন। অৱশ্যে ৰাছিয়া এতিয়াও সম্পূৰ্ণ যুদ্ধবিৰতিৰ বাবে সাজু হোৱা নাই। ইফালে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই কৰা আক্ৰমণ যুদ্ধবিৰতিৰ দিশত এখোজ নহয় বুলি দাবী কৰি সৰৱ হৈ পৰিছে ইউক্ৰেইন।