NORTHEAST NOW (Assamese)
Popular Stories

ৰঙালী বিহুৰ মাদকতাৰ মাজতে শোকাৱহ ঘটনা! চন্দ্ৰপুৰৰ কলং নৈত পৰি মৃত্যু মাতৃৰ লগতে দুই কন্যাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2025 12:21 pm
ৰঙালী বিহুৰ মাদকতাৰ মাজতে শোকাৱহ ঘটনা! চন্দ্ৰপুৰৰ কলং নৈত পৰি মৃত্যু মাতৃৰ লগতে দুই কন্যাৰ

ৰাজ্যৰ চৌদিশে ৰঙালী বিহুটিক লৈ উছৱমুখৰ পৰিৱেশ। ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হল এটি শোকাৱহ ঘটনা।  চন্দ্ৰপুৰৰ কলং নৈত নদীত গা ধুবলৈ যোৱা মাতৃ কন্যাৰ লগত ঘটিল মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে কাপোৰ আৰু গা ধুবলৈ গৈ প্ৰথমে নৈত পিছলি পৰিছিল সৰু কন্যা। কন্যাক উদ্ধাৰ কৰিবলৈ যাওঁতে মাতৃ উটি গল নদীৰ কোবাল সোঁতত।সৰু ভগ্নী, মাতৃক বচাবলৈ গৈ নদীত জাপ দিলে ডাঙৰ কন্যাই।তাৰ পাছত সন্ধানহীন হৈ পৰিল মাতৃ-কন্যাসহ তিনিগৰাকী।মাতৃ গোলাপী দেৱী, কন্যা পংকিতা কুমাৰী, নীলাক্ষী কুমাৰীক উদ্ধাৰ কৰিবলৈ আৰক্ষী-SDRFয়ে চলালে অভিযান।

পিছে ২ বজাত উদ্ধাৰ হল মাতৃৰ নিথৰ দেহ। কিছু সময়ৰ পিছত উদ্ধাৰ সৰু কন্যাৰ মৃতদেহ ইয়াৰ কিছু পাছতে উদ্ধাৰ ডাঙৰ কন্যাৰ মৃতদে

স্থানীয় লোকে জনোৱা মতে দুই কন্যাৰ পিতৃ বৰ্তমান কাৰাগাৰত আছে । ২৫ এপ্ৰিলত কাৰাগাৰৰ পৰা মুক্ত হোৱা কথা আছিল তেওঁ। দুদিন পূৰ্বে মাতৃ সহ দুই কন্যাই কাৰাগাৰত গৈ সাক্ষাৎ কৰিও আহিছিল। কিন্তু পাৰলৈ কাপোৰ ,গা ধুবলৈ গৈ কলংৰ বুকুত শেষ হৈ গল মাতৃ সহ দুই কন্যাৰ জীৱন। ইফালে কাৰাগাৰত অকলশৰীয়া হৈ ৰৈ গল পিতৃ। স্বামী কাৰাগাৰত  থকা অৱস্থাত অতি কষ্টেৰে দুই কন্যাক পোহপাল দিছিল মাতৃ গোলাপী দেৱীয়ে। ৰঙালী বিহুৰ প্ৰাকক্ষণত এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।