NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ৰাজধানী কিয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

March 7, 2022 12:10 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি ১২ দিনত উপনীত হোৱাৰ সময়তে ইউক্ৰেইনৰ ৰাজধানী কিয়েভসহ চাৰিখন চহৰত যুদ্ধবিৰতি ঘোষণা কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ঘোষণা কৰিছে।

ভাৰতীয় সময় মতে দুপৰীয়া ১২.৩০ বজাৰ পৰা ইউক্ৰেইনৰ কিয়েভ, খাৰকিভ, মাৰিয়পোল আৰু চুমিত যুদ্ধবিৰতি ঘোষণা কৰিছে ৰাছিয়াই।

চহৰ কেইখনত মুখ্যত: সাধাৰণ নাগৰিকৰ স্থানান্তৰৰ উদ্দেশ্যে মানৱীয় কৰিডৰ মুকলি কৰাৰ লক্ষ্যৰে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ব্যক্তিগত অনুৰোধত মানৱীয় কৰিডৰ স্থাপন কৰা হৈছে।

শনিবাৰে ৰাছিয়াই মাৰিঅ’পোল আৰু ভলোনোভাকাৰ অসামৰিক লোকৰ স্থানান্তৰৰ বাবে চহৰ দুখনত যুদ্ধবিৰতি ঘোষণা কৰিছিল।

কিন্তু বাৰে বাৰে যুদ্ধবিৰতি উলংঘনৰ বাবে মাৰিঅ’পোল চহৰত আৱদ্ধ অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ প্ৰচেষ্টা বিফল হৈছে।

Related News