NORTHEAST NOW (Assamese)
Popular Stories

ৰাছিয়াৰ লুনা-২৫ত যান্ত্ৰিক ত্ৰুটি; মস্কোক পিছ পেলাই জয়যাত্ৰা ইছৰোৰ চন্দ্ৰ অভিযানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2023 11:22 am

সকলো ভাৰতীয়ই বিচাৰিছিল যে ৰাছিয়াৰ লুনা-২৫ক পিছ পেলাই চন্দ্ৰযান ৩-য়ে প্ৰথমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰক। শেষত সেইটোৱেই হ’বলৈ গৈছে নেকি? শনিবাৰে সন্ধিয়া ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে অৱগত কৰে যে শেষ মুহূৰ্তত লুনাত যান্ত্ৰিক বিজুতি ধৰা পৰিছে। লুনাই সোমবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই সৃষ্টি হৈছে এই এক নাটকীয় পৰিস্থিতিৰ।

ৰস্কচমছৰ পৰা চমু বিবৃতিত কোৱা হৈছে যে, “অৱতৰণৰ পূৰ্বে লুনাক অন্তিম কক্ষপথলৈ ঠেলি দিয়াৰ সময়তে চন্দ্ৰযানৰ স্বয়ংক্ৰিয় ষ্টেচনত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত এই পৰিস্থিতিত যানখন অৱতৰণ কৰিবলৈ প্ৰয়োজনীয় কিছু কাম কৰাটো সম্ভৱ হোৱা নাই।”

লগতে পঢ়ক: চন্দ্ৰৰ কক্ষপথ পৰিক্ৰমা সম্পূৰ্ণ; এইবাৰ চন্দ্ৰপৃষ্ঠত মসৃন অৱতৰণৰ পথত চন্দ্ৰযান-৩

এই যান্ত্ৰিক ভুলৰ বাবেই চন্দ্ৰত অৱতৰণ পলম হ’ব নেকি সেই সন্দৰ্ভত ৰস্কচমছ অৱশ্যে কোনো কথা ব্যক্ত কৰা নাই। বিগত ৫০ বছৰৰ ভিতৰত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযানক লৈ মস্কোতো উত্তেজনা শীৰ্ষত। ৰস্কচমছৰ বিজ্ঞানীসকলে পূৰ্বে ঘোষণা কৰিছিল যে এনে অভিযানৰ সফলতাৰ সম্ভাৱনা ৭০ শতাংশ।

যদি শেষত ৰাছিয়াই চন্দ্ৰত লুনা-২৫ অৱতৰণ কৰাত ব্যৰ্থ হয় তেন্তে এই মহাকাশ যুদ্ধত ভাৰতক এটা ডাঙৰ জয়ৰ সুযোগ আনি দিব। ভাৰতৰ বিক্ৰম লেণ্ডাৰে যদি ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰে তেন্তে ইয়াক বিজ্ঞানক অতিক্ৰমি কূটনীতিৰ ক্ষেত্ৰতো এক ডাঙৰ কৃতিত্ব হিচাপে গণ্য কৰা হ’ব।

অৱশ্যে ভাৰতীয় মহাকাশযানখনৰ গতি বৃদ্ধি কৰি অৱতৰণ দিন আগুৱাই অনাটো সম্ভৱ নহয় বুলি ইছৰোৰ প্ৰাক্তন মুৰব্বী কে ছিভানে জানিবলৈ দিয়ে। সূচী অনুসৰি বিক্ৰমে ২৩ আগষ্টৰ সন্ধিয়া ৫:৩০ বজাত চন্দ্ৰত মসৃন অৱতৰণ কৰাৰ কথা।

লগতে পঢ়ক: পথৰ পৰা খাৱৈত বাগৰি পৰিল সেনাবাহিনীৰ গাড়ী; লাডাখত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন জোৱানৰ মৃত্যু

চন্দ্ৰ ওচৰ চাপি অহাৰ লগে লগে মসৃন অৱতৰণৰ বাবে বিক্ৰমে শুকুৰবাৰে গতি হ্ৰাস কৰাৰ বাবে প্ৰথমটো ডিবুষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰে। ইছৰোৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে কয় যে বিক্ৰম লেণ্ডাৰখন অটোমেটিক মোডলৈ গুচি গৈছে। বেংগালুৰুৰ কাৰ্যালয়ৰ পৰা এতিয়া আৰু ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা সম্ভৱ নহয়। ডাটাৰ পৰা পোৱা তথ্য অনুসৰি এতিয়াৰ পৰা বিক্ৰমে নিজেই সিদ্ধান্ত ল’ব ই কেনেকৈ যাব আৰু কি কাম কৰিব।

শনিবাৰে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে লুনা-২৫ য়ে তোলা প্ৰথমখন ছবি মুকলি কৰে। লুনাই চন্দ্ৰৰ দক্ষিণ মেৰুত থকা জিমান ক্ৰেটাৰৰ ফটো তুলিছিল। এইটো চন্দ্ৰৰ বুকুত তৃতীয় গভীৰ গহ্বৰ। ১৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গাঁতটো আঠ কিলোমিটাৰ গভীৰ।

লগতে পঢ়ক: নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত বিশেষ ৰে’লসেৱাৰ সম্প্ৰসাৰণ

লুনাই তোলা ফটোখন মুকলি হোৱাৰ পিছত ভবা হৈছিল যে ৰাছিয়াই সঁচাকৈয়ে  শেষ মুহূৰ্তত ভাৰতক অতিক্ৰম কৰিলে। কিন্তু, সন্ধিয়া ৰস্কোচমছে লুনাৰ যান্ত্ৰিক বিজুতিৰ খবৰ জনসাধাৰণৰ মাজলৈ অনাৰ লগে লগে সমগ্ৰ পৰিস্থিতিটো সলনি হৈ গ’ল।