NORTHEAST NOW (Assamese)

ইতিহাস ৰচনা কৰিলে ৰিয়ানে : টীম ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে জিলিকিব অসমীয়া ল’ৰাৰ মুখ

June 24, 2024 5:47 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ইতিহাস ৰচনা কৰিলে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ভাৰতীয় মূল(ৰাষ্ট্ৰীয়) ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ানে।

খবৰ অনুসৰি, জিম্বাবৱেৰ বিৰুদ্ধে হ’বলগীয়া ৫খনীয়া টি-২০ শৃংখলা খেলিব ৰিয়ান পৰাগে।

অৱশ্যে এতিয়াও BCCI এ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই যদিও সামাজিক মাধ্যমত ইতিমধ্যে এই খবৰ বিয়পি পৰা দেখা গৈছে।

ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ।

ক্ষন্তেক সময়ৰ পিছতে হয়তো এই কথা ঘোষণা কৰিব BCCI এ.

Related News