NORTHEAST NOW (Assamese)

ক’ভিড প’জিটিভ হোৱাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল শচীন টেণ্ডুলকাৰক

April 2, 2021 1:17 pm · এন ই নাও নিউজ

কিংম্বন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে ২৭ মাৰ্চত ক্ৰিকেটাৰজনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল।

টুইটাৰযোগে তেওঁ এই কথা জানিবলৈ দিছে।

অনুৰাগীসকলৰ শুভেচ্ছা আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ জনাই তেওঁ টুইটটোত কয় যে চিকিৎসাসম্পৰ্কীয় সাৱধানতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ক্ৰিকেটাৰজনে আশা কৰিছে যে কিছুদিনৰ পাছতেই চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব।

তদুপৰি একেটা টুইটতে তেওঁ ১০ বছৰ পূৰ্বে ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

বিশ্বকাপবিজয়ী দলটোৰ আটাইতকৈ জ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপে টেণ্ডুলকাৰে বিশেষ ভূমিকাত অৱতীৰ্ণ হৈছিল।

”আমাৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি উপলজ্ঞে সকলো ভাৰতীয় আৰু মোৰ দলীয় সতীৰ্থসকললৈ শুভকামনা জনালো।”- টেণ্ডুলকাৰে এইদৰে কয়।

উল্লেখযোগ্য যে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা ৰ’ড চেফটী ৱৰ্ল্ড চিৰিজত ইণ্ডিয়া লিজেণ্ডৰ হৈ নেতৃত্ব বহন টেণ্ডুলকাৰৰ উপৰিও দলটোত অংশ লোৱা ইউচুফ পাঠান, এছ বদ্ৰীনাথ আৰু ইৰফান পাঠানৰো ক’ভিড প’জিটিভ পোৱা গৈছে।

Related News