NORTHEAST NOW (Assamese)

ফৰ্মহীন পৃথ্বি শ্বলৈ শচীন টেণ্ডুলকাৰৰ বিশেষ টিপছ

December 24, 2020 4:50 pm · এন ই নাও নিউজ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ভাৰতৰ যুৱ অপেনিং বেটছমেন পৃথ্বি শ্ব’লৈ পৰামৰ্শ আগবঢ়াইছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰে।

যুৱ ক্ৰিকেটাৰ গৰাকীলৈ পৰামৰ্শ আগবঢ়াই শচীনে তেওঁক বেটিঙত দুই এটা শুধৰণি কৰাৰ পৰামৰ্শ দিয়ে।

‘‘পৃথ্বিৰ হাত তেওঁৰ শৰীৰৰ আৰু ওচৰত থকাটো প্ৰয়োজন……যদিহে তেওঁ অলপ সোনকালে খেলা তেন্তে সেই টেকনিকেও তেওঁক সহায় কৰিব,’’ শচীনে পৃথ্বিক উদ্দেশ্যি কয়।

পৃথ্বি শ্বৰ বেট আৰু ভৰি বলৰ দিশত অলপ পলমকৈ সক্ৰিয় হয় বুলিও শচীনে লগতে কয়।

উল্লেখযোগ্য যে, পৃথ্বি শ্বই এডিলেইট টেষ্টত প্ৰথম ইনিংছত শূন্য ৰান কৰি ব’ল্ড আউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছতো মাত্ৰ ৪ ৰান কৰি ক্লীন বল্ড হয়।

আই পি এলতো পৃথ্বি শ্বৰ প্ৰদৰ্শন দুৰ্বল আছিল।

প্ৰচুৰ প্ৰতিভাৱান যুৱ অপেনাৰ গৰাকীয়ে নিজৰ অভিষেক টেষ্টতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতৰান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Related News