NORTHEAST NOW (Assamese)

ক’ভিড-১৯ত আক্ৰান্ত হ’ল শচীন টেণ্ডুলকাৰ, বৰ্তমান হোম কোৱাৰেণ্টাইনত

March 27, 2021 11:28 am · এন ই নাও নিউজ

কভিড-১৯ পজিটিভ পোৱা গৈছে শচীন টেণ্ডুলকাৰৰ।

বৰ্তমান নিজা বাসস্থানত কোৱাৰেণ্টাইনত আছে ক্ৰিকেট কিংবদন্তিজন।

সামাজিক মাধ্যমযোগে টেণ্ডুলকাৰে জনাইছে যে পৰিয়ালৰ বাকীকেইজন সদস্য ক’ভিড নিগেটিভ।

উল্লেখযোগ্য যে শেহতীয়াকৈ টেণ্ডুলকাৰে ‘ৰড চেফটী ৱৰ্ল্ড চিৰিজ’ত ইণ্ডিয়া লিজেণ্ডছক নেতৃত্ব প্ৰদান কৰিছিল।

চিৰিজটোৰ ফাইনেলত শ্ৰীলংকা লিজেণ্ডৰ বিৰুদ্ধে ইণ্ডিয়া লিজেণ্ড বিজয়ী হৈছিল।

ক’ভিড পজিটিভ হোৱা সম্পৰ্কত টেণ্ডুলকাৰে কয় যে ভাইৰাচমুক্ত হ’বৰ বাবে তেওঁ অত্যাৱশ্যকীয় সাৱধানতামূহ অৱলম্বন কৰিছে।

তেওঁৰ কভিড লক্ষণসসমূহ সাধাৰণ বুলি তেওঁ কৈছে।

শনিবাৰে ৰাতিপুৱা এটা টুইটযোগে তেওঁ পজিটিভ হোৱা বুলি জনায়।

উল্লেখযোগ্য যে শুকুৰবাৰলৈকে টেণ্ডুলকাৰৰ গৃহৰাজ্য মহাৰাষ্ট্ৰ আৰু মুম্বাইত ৩৬,০০০টা পজিটিভ কেচ পোৱা গৈছে।

Related News