NORTHEAST NOW (Assamese)

জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

September 19, 2020 8:25 pm · উত্তম শইকীয়া
Updated: September 19, 2020 8:26 pm

জনজাতীকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে পুনৰ আন্দোলন আৰম্ভ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই।

জিলাভিত্তিক আন্দোলনেৰে সংগঠনটোৱে নিজৰ দাবী সাৱ্যস্ত কৰি অহা পৰিলক্ষিত হৈ আহিছে বিগত কিছুদিন ধৰি।

কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাততো চুতীয়া ছাত্ৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ আধাৰত স্বায়ত্ত শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট পালন কৰে ছাত্ৰ সংগঠনটোয়ে৷

বোকাখাত নগৰৰ মাজ মজিয়াত ৩৭ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আয়োজিত এই প্ৰতিবাদী কাৰ্যসুচীত প্ৰতিবাদী ছাত্ৰ সকলে সৰ্বানন্দ সোণোৱাল গ’বেক, নৰেন্দ্ৰ মোদী গ’বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷

অৱস্থান ধৰ্মঘটত থলীত বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ উপৰিও চুতীয়া জাতি সন্মিলনৰ বিষয় ববীয়াও উপস্থিত থাকে৷

Related News