NORTHEAST NOW (Assamese)

প্ৰিমিয়াৰ বেডমিণ্টন লীগত নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছ দলৰ হৈ খেলিব চাইনা নেহৱালে

October 9, 2018 2:08 pm · এন ই নাও নিউজ
বেডমিণ্টন খেলুৱৈ চাইনা নেহৱাল

অলিম্পিকত পদক দখল কৰা প্ৰথমগৰাকী মহিলা বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালক এইবাৰ চতুৰ্থ সংখ্যক প্ৰিমিয়াৰ বেডমিণ্টন লীগ চমুকৈ পি বি এলত দেখা পোৱা যাব নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছত।

২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০১৮ বৰ্ষৰ প্ৰতিযোগিতাখনৰ বাবে নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছে  ৮০ লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছে ভাৰতীয় বেডমিণ্টন তাৰকা চাইনা নেহৱালক।

উল্লেখযোগ্য যে চাইনা নেহৱালে বিগত তিনিটা সংস্কৰণত এৱাধে ৱাৰিয়ৰ্ছৰ হৈ প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা দেখা গৈছিল।

নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছৰ সৈতে চুক্তি সম্পাদনা হোৱাৰ পাছতে নেহৱালে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়, ‘নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছৰ সৈতে জড়িত হ’বলৈ পাই মই যথেষ্ট সুখী তথা আনন্দিত অনুভৱ কৰিছো। নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছৰ হৈ মই উন্নত প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাম’।

‘উত্তৰ-পূবৰ প্ৰতি মোৰ সদায় এক বিশেষ টান আছিল, আৰু এইদৰে নৰ্থ-ইষ্টৰ সৈতে জড়িত হ’বলৈ পাই সুখী হোৱাৰ লগতে উত্তৰ-পূবত বেডমিণ্টন খেলবিধ আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে প্ৰয়াস কৰিম’। এইদৰে মনৰ কথা উল্লেখ কৰে চাইনা নেহৱালে।

আনহাতে, ভাৰতীয় বেডমিণ্টনৰ আন এগৰাকী তাৰকা পি ভি সিন্ধু চুক্তিবদ্ধ হৈছে ডিফেণ্ডিং চেম্পিয়ন হায়দৰাবাদ হাণ্টাৰ্ছ দলত।

Related News