NORTHEAST NOW (Assamese)

HSLC Exam Result: হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থানেৰে উজলিল যোৰহাটৰ সমাদৃতা, টীয়কৰ চেহনাজৰ পঞ্চম স্থান

June 7, 2022 11:14 am · এন ই নাও নিউজ, যোৰহাট
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা যোৰহাটৰ সমাদৃতা শৰ্মা আৰু পঞ্চম স্থান লাভ কৰা টীয়কৰ চেহনাজ অঞ্জুম য়াছমিন।

আজি ঘোষণা কৰা ২০২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে যোৰহাটৰ সমাদৃতা শৰ্মাই। যোৰহাট বাকচুঙৰ ডনবস্ক হাইস্কুলৰ ছাত্ৰী সমাদৃতাই সৰ্বমুঠ ৫৯৪ নম্বৰ লাভ কৰে l

সমাদৃতা শৰ্মা পিতৃ জয়ন্ত শৰ্মা যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ এজন কৰ্মচাৰী আৰু মাতৃ ৰঞ্জিতা শৰ্মা এখন ব্যক্তিগত বিদ্যালৰৰ শিক্ষয়িত্ৰী l

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থানেৰে যোৰহাটৰ টীয়কৰ নাম উজলালে চেহনাজ অঞ্জুম য়াছমিনে।

লগতে পঢ়ক: HSLC exam result হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ; চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা

৫৯৩ নম্বৰেৰে টীয়কৰ নাম উজলোৱা চেহনাজ অঞ্জুম য়াছমিন টীয়ক বেন গাৰ্ডেন হাইস্কুলৰ ছাত্ৰী।

মুকিবুৰ ৰহমান আৰু মফিদা বেগমৰ কন্যা চেহনাজ অঞ্জুম য়াছমিনে এই ফলাফলৰ বাবে ভগৱানক ধন্যবাদ জনাইছে।

চেহনাজে পৰৱৰ্তী শিক্ষা হোজাইৰ আজমাল ছুপাৰ ফ’ৰ্টিত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Related News