NORTHEAST NOW (Assamese)

Samantha Ruth Prabhu: নাগাৰ সৈতে কিয় সংসাৰ ভাগিল সামান্থাৰ? এইবাৰ খুলাখুলিকৈ ক’লে সকলো কথা

July 23, 2022 1:50 pm · এন ই নাও নিউজ, গুৱাহাটী

Samantha Ruth Prabhu opens up জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে কৰণ জোহৰৰ অনুষ্ঠান ‘কফি উইথ কৰণ’ত তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ সদৰী কৰিছে। বহুচৰ্চিত এই অনুষ্ঠানটোত অক্ষয় কুমাৰৰ সৈতে তেওঁৰ নাটকীয় প্ৰৱেশে সকলোকে আচৰিত কৰিছিল।

অভিনেত্ৰীগৰাকীয়ে যোৱা বছৰ নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। সামান্থাক আগতে বিবিহ বিচ্ছেদৰ বিষয়ে কোৱা দেখা গৈছিল যদিও এইবাৰ সামান্থাই প্ৰথমবাৰৰ বাবে যেন নীৰৱতা ভংগ কৰিলে।

কফি উইথ কৰণত সামান্থাই স্বীকাৰ কৰে যে তেওঁ নাগা চৈতন্যৰ সৈতে পৃথক হোৱাৰ সিদ্ধান্তত কোনো বন্ধুত্বপূৰ্ণ বা বুজাবুজিত সন্মত হোৱা নাই। এই বিবাহৰ অভিজ্ঞতা তেওঁলোক দুয়োৰে বাবে অতি তিক্ত আছিল।

সামান্থাই কয় যে অভিজ্ঞতাটো অত্যন্ত তিক্ত আছিল। যদিওবা এতিয়া সেইটো বহুত ঠিক হৈছে। মই আগৰ তুলনাত বহুত দৃঢ়  হৈছোঁ।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “আমাৰ বিবাহৰ অভিজ্ঞতা ইমানেই তিক্ত আছিল যে যদি আপুনি আমাক এটা কোঠাত বন্দী কৰি ৰাখে, তেন্তে তাত চোকা বস্তু একো নৰখাই ভাল।‘’

হয়, আপুনি ঠিকেই শুনিছে। কৰণে সামান্থাক সুধিছিল, “তোমালোকৰ সম্পৰ্ক এতিয়াও বন্ধুত্বপূৰ্ণ হোৱা নাই নেকি?” সামান্থাই উত্তৰ দিছিল, “নহয়, এতিয়াও নহয়। অৱশ্যে ভৱিষ্যতে হয়তো হ’ব পাৰে।

সামান্থাই কয়, “আমাৰ শুভাকাংক্ষীসকলক কওঁ, বহুত চিন্তা কৰাৰ পিছত আমি স্বামী-স্ত্ৰী হিচাপে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। এক দশকধৰি আমাৰ মাজত সুন্দৰ বন্ধুত্ব আছিল, আমি ভাগ্যৱান। সেইকাৰণে আমাৰ মাজত এতিয়াও এটা বন্ধন আছে। আমাৰ জীৱনৰ কঠিন সময়ত অনুৰাগীসকল আমাৰ কাষত আছিল, আমি তেওঁলোকক অৱশ্যেই ধন্যবাদ জনাব লাগিব।

Related News