NORTHEAST NOW (Assamese)

দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা!

December 24, 2022 8:37 am · এন ই নাও নিউজ, নতুন দিল্লী

উত্তৰ প্ৰদেশৰ ছানিয়া মিৰ্জাই এক বিৰল দৃষ্টান্ত গঢ়িলে। তেওঁ ভাৰতৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে উৰা মাৰিবলৈ সাজু হৈছে। এন ডি এত মহিলাৰ বাবে সংৰক্ষিত ১৯ খন আসনৰ ভিতৰত ছানিয়াই দ্বিতীয় স্থান পাইছে।

চলিত বছৰৰ এপ্ৰিলত ছানিয়াই এন ডি এ পৰীক্ষাত বহিছিল। তেওঁৰ ৰেংক আছিল ১৪৯। ছানিয়া দেহাট কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত যচোভাৰ গাঁৱৰ বাসিন্দা। তেওঁ এতিয়া মিৰ্জাপুৰত বাস কৰে।

ছানিয়াৰ দেউতাক শ্বাহিদ আলী পেছাত এজন টিভি মেকানিক। গাওঁৰ বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছানিয়া উচ্চ শিক্ষাৰ বাবে মিৰ্জাপুৰলৈ যায়। তাতেই প্ৰশিক্ষণ আৰম্ভ হয়।

ছানিয়া সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল। সপোন আছিল বিমান চলোৱাৰ। সেই সপোন পূৰণ হ’বলৈ গৈ আছে। তেওঁক যুঁজাৰু পাইলট হোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল ভাৰতৰ প্ৰথম যুঁজাৰু পাইলট ফ্লাইট লেফটেনেণ্ট অৱনী চতুৰ্বেদীয়ে।

ছানিয়াই ২৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এন ডি এ  একাডেমীত যোগদান কৰিব। তেওঁ ভাৰতীয় বায়ু সেনাৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হ’বলৈ গৈ আছে। ছানিয়াৰ পৰিয়াল আৰু গাওঁবাসীয়ে এই খবৰটোৰ বাবে গৌৰৱান্বিত হৈ পৰিছে।

Related News