NORTHEAST NOW (Assamese)

দেশৰ মহিলাক মাত্ৰ ১ টকাতে ছেনিটাৰি পেড দিব মোদী চৰকাৰে!: কেন্দ্ৰই গ্ৰহণ কৰিছে এক প্ৰকল্প

August 29, 2020 2:31 pm · এন ই নাও নিউজ
Updated: August 29, 2020 9:15 pm

দেশৰ মহিলাসকলক মাত্ৰ ১ টকাতে চেনিটাৰি নেপকিন (Sanitary Napkin) যোগাদ ধৰিব কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, যোৱা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কীয় ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰৰ খবৰ মতে দেশৰ মহিলাসকলক স্বল্পমূল্যত ছেনিটাৰী নেপকিন যোগান ধৰাৰ বাবে মোদী চৰকাৰে ১২ হাজাৰ কোটি টকীয়া এক প্ৰকল্প গ্ৰহণ কৰিছে।

কেন্দ্ৰ চৰকাৰে জন ঔষধি কেন্দ্ৰ যোগেদি ২০১৮ চনৰ পৰা মহিলাসকলক মাত্ৰ আঢ়ৈ টকাতে ‘সুবিধা’ ব্ৰেণ্ডৰ ছেনিটাৰী পেড যোগান ধৰি আহিছিল।

এই ছেনিটাৰী পেডৰ মূল্য হ্ৰাস কৰি যোৱা মাৰ্চ মাহত ১ টকা কৰিছিল কেন্দ্ৰ চৰকাৰে।

এতিয়া দেশৰ অধিকসংখ্যক মহিলাক এই ছেনিটাৰী পেড যোগান ধৰিবলৈ কেন্দ্ৰই এই প্ৰকল্প গ্ৰহণ কৰিছে বুলি কেন্দ্ৰ চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

ইতিমধ্যে, প্ৰকল্পটো কাৰ্যক্ষম কৰিবলৈ চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে এই প্ৰকল্পৰ দ্বাৰা যোগান ধৰিব লগীয়া ছেনিটাৰী পেডসমূহ পৰিৱেশ অনুকূল অক্স’-বায়’ডিগ্ৰেডেবল হ’ব।

ইয়াৰ ফলত পেডসমূহ ব্যৱহাৰ কৰাৰ পিছত পৰিৱেশ প্ৰদূষিত নকৰি অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই সময়ৰ লগে লগে ক্ষয় গৈ মাটিত মিলি যাব।

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰালয়ৰ দুই শীৰ্ষ বিষয়াকে ধৰি সংশ্লিষ্ট মন্ত্ৰালয়ক এই প্ৰকল্প ৰূপায়ণৰ বাবে দায়িত্ব দিয়া হৈছে বুলিও প্ৰকাশ কৰিছে সূত্ৰটোৱে।

Related News