NORTHEAST NOW (Assamese)
Popular Stories

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত টীয়কৰ জ্যোতি কাকতিক চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 7, 2020 4:49 pm

উপযুক্ত চিকিৎসাৰ অভাৱত বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা টীয়কৰ এগৰাকী ছাত্ৰৰ স্বাস্থ্য এতিয়া দিনক দিনে অৱনতি ঘটাৰ লগতে তেওঁৰ জীৱনৰ প্ৰতি সংকট নামি আহিছে।

সেয়ে চিকিৎসাৰ খাতিৰত আৰ্থিকভাৱে দূৰ্বল ছাত্ৰজনৰ পৰিয়ালটোক বৰ্তমান চৰকাৰ তথা সুহৃদয় ৰাইজৰ সহায়ৰ প্ৰয়োজন।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা টীয়কৰ জগদুৱাৰ নতুন গাঁৱৰ মাইনা কাকতি আৰু জ্যোতি কাকতিৰ বৰ পুত্ৰ ১৯ বছৰীয়া সঞ্জয় কাকতি বিগত পাঁচ মাহ ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে।

প্ৰথম অৱস্থাত টীয়ক FRU হস্পিতালত আৰু যোৰহাট মেডিকেল কলেজত চিকিৎসা কৰি সুফল নোপোৱাত সঞ্জয়ক টীয়ক আৰক্ষীৰ থানাৰ সহযোগত ডিব্ৰুগড় মেডিকেল কলেজলৈ নিয়া হৈছিল।

কিন্তু ক’ৰণাৰ বাবে সকলো ব্যস্ত হৈ থকাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক ডিব্ৰুগড়ৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৰ্থৰ অভাৱত পৰিয়ালটোয়ে তেওঁক তাৰ পৰা লৈ আহে।

পুনৰ তেওঁলোকে সঞ্জয়ক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰাব খোজে যদিও চিকিৎসকে কেইটামান দৰব দি তেওঁক ঘৰলৈ পঠিয়াই দিয়ে।

কিন্তু আজি এসপ্তাহ দৰি যুৱকজনৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত পৰিয়ালটো মানসিকভাৱে ভাগি পৰিছে।

কাকজান কলেজৰ স্নাতক মহলাৰ ছাত্ৰ তথা টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সঞ্জয়ক এতিয়া উন্নত চিকিৎসাৰ প্ৰয়োজন।

সেয়ে উপায় অন্তৰ হৈ কোনো মতে পেটে ভাতে খাই থকা পৰিয়ালটোৱে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে অসমৰ সুহৃদয়বান ৰাইজলৈ আৰ্থিক সাহাৰ্য বিচাৰি অনুৰোধ জনাইছে।

কোনো লোকে পৰিয়ালটোক সহায় কৰিব খুজিলে ভাৰতীয় ষ্টেট বেংকৰ টীয়কৰ শাখাত একাউণ্ট নম্বৰ 37940242685 (Ifsc-SBIN0001718) আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে। 8011492999 নম্বৰত ফোন কৰি পৰিয়ালটোক যোগাযোগ কৰিব পাৰে।