NORTHEAST NOW (Assamese)

দিল্লীলৈ উৰা মাৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, মোদী মন্ত্ৰীসভাত অন্তৰ্ভূক্তিৰ পূৰ্ণ সম্ভাৱনা

June 18, 2021 9:20 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী মোদীৰ তলব লাভ কৰাৰ পিছতে আজি সন্ধিয়া দিল্লীলৈ উৰা মাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিশেষ সূত্ৰে জানিব পৰা মতে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে সোণোৱালে আলোচনাত বহিব।

মোদী মন্ত্ৰীসভাৰ সাম্ভাৱ্য সম্প্ৰসাৰণৰ সময়তে সোণোৱালক গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব অৰ্পন কৰাৰ সম্ভাৱনা থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য সোণোৱালে পূৰ্বেও ২০১৪ চনৰ পৰা ২০১৬ চনলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত মোদীয়ে এবাৰৰ বাবেও মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা নাই।

এইবাৰ সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পূৰ্বেই মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সম্ভাৱনা আছে।

মোদীৰ মন্ত্ৰীসভাত জ্যোতিৰাদিত্য সিন্ধিয়া,ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, সুশীল কুমাৰ মোদী আদিয়েও মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

Related News