NORTHEAST NOW (Assamese)
অসম

Selection for Oscar চলি আছে বাছনি পৰ্ব; অস্কাৰৰ দৌৰত ‘শ্বেৰনি’, ‘চৰ্দাৰ উধম’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2021 7:12 pm
sardar_udham_sherni_oscars_social

Selection for Oscar ২০২২বৰ্ষৰ অস্কাৰৰ বাবে ভাৰতীয় চলচ্চিত্ৰ প্ৰেৰণৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।কলকাতাত বিচাৰক সদস্যসকলে মুঠ ১৪খন চলচ্চিত্ৰৰ পৰা এখন চলচ্চিত্ৰ নিৰ্বাচন কৰাৰ কামত ব্যস্ত হৈছে।

এই ছবিখনেই অস্কাৰত শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ চলচ্চিত্ৰ শাখাত অন্তৰ্ভুক্ত হ’ব।

বৰ্তমানলৈকে প্ৰাথমিক বাছনিত ১৪খন ছবিৰ তালিকাৰ শীৰ্ষত আছে ‘শ্বেৰনি’ আৰু ‘চৰ্দাৰ উধম’। ছবি দুখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বিদ্যা বালান আৰু ভিকি কৌশলে।

বাঘ সংৰক্ষণৰ বাবে নিজৰ চাকৰি বাজি ধৰা এক কাহিনীৰ চিত্ৰ্য ৰূপায়ন হৈছে অস্কাৰৰ দৌৰত নিৰ্বাচনৰ বাবে আগবাঢ়ি থকা ‘শ্বেৰনি’।

আনহাতে, আনখন অস্কাৰৰ দৌৰত নিৰ্বাচনৰ বাবে আগবাঢ়ি থকা ‘চৰ্দাৰ উধম’ হৈছে জালিয়ানাৱালাবাগৰ হত্যাৰ প্ৰতিশোধৰ কাহিনী।

সেইদৰে ইয়াৰ পাছতে দৌৰত আছে মালয়ালম ছবি ‘নয়াট্টু’ আৰু তামিল ছবি ‘মন্দেলা’।

কলকাতাৰ ভবানীপুৰৰ বিজলী চিনেমাত অস্কাৰৰ বাবে ছবি নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াত ১৫ গৰাকী বিচাৰকে মিলি মুঠ ১৪খন ছবি চাব আৰু তাৰপৰা এখন ছবিৰ নিৰ্বাচন চূড়ান্ত কৰিব।

অহা ২০২২বৰ্ষৰ মাৰ্চত আমেৰিকাত ৯৪তম অস্কাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।