NORTHEAST NOW (Assamese)

ছবিয়ে মিছা নকয়, এইবাৰ ডোকলামৰ ভূমিত পথ নিৰ্মাণ কৰিছে চীনে

November 23, 2020 10:05 am · এন ই নাও নিউজ

 

লাডাখ প্ৰসংগকলৈ ভাৰতৰ সৈতে সংঘাত চলি থকাৰ সময়তে ভাৰতক শলঠেকত পেলাবলৈ চীনে পুনৰ ডোকলামত আৰম্ভ কৰিছে একাধিক নিৰ্মাণ কাৰ্য।

কিছুদিন পূৰ্বে চীনৰ এগৰাকী সাংবাদিকে তেওঁৰ টুইটাৰত চীনে ডোকলামত এখন গাওঁ স্থাপন কৰা বুলি প্ৰকাশ কৰাৰ পিছতে বিষয়টোকলৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত হৈ চৈৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে বিবদমান ডোকলামত চীনে এটা পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে. কৃত্ৰিম উপগ্ৰহৰ ছবিত এই কথা স্পষ্ট ৰূপত ধৰা পৰিছে যে ভূটানৰ ২ কিলোমিটাৰ ভিতৰত চীনে নিৰ্মাণ কৰিছে এটা পথ।

যি স্থানত চীনে পথ নিৰ্মাণ কৰিছে সেই স্থান ডোকলামৰ অন্তৰ্গত।চীনে শেহতীয়াকৈ ডোকলামত স্থাপন কৰা পাংগদা নামৰ গাওঁ খনৰ পৰা নিৰ্মাণ কৰা পথটোৰ দৈৰ্ঘ্য ৯ কিলোমিটাৰ বুলি জানিব পৰা গৈছে।

তোৰ্ছা নদীৰ কাষে কাষে নিৰ্মাণ কৰা এই পথটোটোৰে অতি সহজে চীনৰ সেনাই ডোকলামৰ জোমপেৰলি অঞ্চলত উপস্থিত হ’ব পাৰিব।

উল্লেখ্য ২০১৭ চনত ডোকলামত সেনা মোতায়েন কৰাকলৈ চীন আৰু ভাৰতৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। প্ৰায় ৭৩ দিন ধৰি চলা এই সংঘাতৰ ফলত চীন-ভাৰত যুদ্ধৰো আশংকাৰ সৃষ্টি হৈছিল।

চীনে ডোকলাম অঞ্চলটো নিজৰ বুলি কৈ অহাৰ সময়তে ভূটানেও সেই অঞ্চলটো নিজৰ বুলি তথ্য-প্ৰমাণ সহকাৰে দাবী কৰি আহিছে।

ইয়াৰ মাজতে চীনে পুনৰ ডোকলামত গাওঁ স্থাপন কৰাৰ লগতে পথ নিৰ্মাণ কৰাৰ কথাই ডোকলামক পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে।

ইপিনে বেইজিঙে ডোকলামত গাওঁ স্থাপন অথবা পথ নিৰ্মাণৰ কথা অস্বীকাৰ কৰিছে যদিও উপগ্ৰহৰ চিত্ৰই পিছে চীনৰ দাবীক মিছা প্ৰতিপন্ন কৰিছে।

Related News