সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ উদ্যোগত পহিলা জানুৱাৰীত ’ভাল খবৰৰ দিন’
আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কণ্ঠ সৌৰভ কুমাৰ চলিহাৰ সাহিত্য আৰু ব্যক্তিত্ব চৰ্চাৰ উদ্দেশ্যে বিগত বছৰবোৰৰ দৰে এইবাৰো ‘সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ’ৰ উদ্যোগত সমাগত ২০২৪ চনৰ পহিলা জানুৱাৰীৰ দিনটো ‘ভাল খবৰৰ দিন’ৰূপে উদ্যাপন কৰিবলৈ আয়োজন কৰা হৈছে৷
কটন বিশ্ববিদ্যালয়ৰ এলাম্নাই হলত এক জানুৱাৰীৰ বিয়লি তিনি বজাত আয়োজিত এই বছৰৰ ’ভাল খবৰৰ দিন’ত মূল বক্তৃতা প্ৰদান কৰিব প্ৰসিদ্ধ কাহিনীকাৰ অপূৰ্ব শৰ্মাই৷ বক্তৃতাৰ বিষয় : ’পঢ়ুৱৈৰ দৃষ্টিৰে সৌৰভ কুমাৰ চলিহাৰ গল্প’৷
অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক-আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈ আৰু শিল্পী-চলচ্চিত্ৰ সমালোক নয়ন প্ৰসাদে সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত গল্প আৰু ৰচনা পাঠ কৰিব৷
অনুষ্ঠানটিত অনুৰাগী পঢ়ুৱৈ-দৰ্শকৰ অংশগ্ৰহণ কামনা কৰিছে সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ সভাপতি জেবিন আহমেদ আৰু সম্পাদক মহেশ ডেকাই৷