NORTHEAST NOW (Assamese)

বন্ধ হ’ল শেষ পথো! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে বিলকিছ বানোৰ আবেদন

December 17, 2022 7:45 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত বন্ধ হ’ল বিলকিছ বানো ধৰ্ষণ তথা হত্যাকাণ্ডৰ দোষীৰ পুনৰ কাৰামুখী হোৱাৰ শেষ পথ। দেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ড তথা তেওঁৰ পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা ১১ গৰাকী অপৰাধীৰ মুক্তিক প্ৰত্যাহ্বান জনাই খোদ বানোৱে দাখিল কৰা আবেদন আজি খাৰিজ কৰে উচচতম ন্যায়ালয়ে।

শীৰ্ষ ন্যায়ালয়ৰ সহকাৰী পঞ্জীয়কে বিলকিছ বানোক প্ৰতিনিধিত্ব কৰা অধিবক্তা শোভা গুপ্তালৈ প্ৰেৰণ কৰা এক বিবৃতিত উচ্চতম ন্যায়ালয়ত দাখিল কৰা পৰ্যালোচনা আবেদনখন আদালতে খাৰিজ কৰিছে বুলি জানিবলৈ দিয়ে।

শীৰ্ষ আদালতৰ এই সিদ্ধান্তৰ পিছতে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শীৰ্ষ ন্যায়ালয়ৰ এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰি মালিৱালে উচ্চতম ন্যায়ালয়ৰ পৰাও ন্যায় লাভ নকৰিলে ন্যায়ৰ আশা কৰা লোকসকল ক’লৈ যাব বুলি প্ৰশ্ন কৰে।

 

উল্লেখ্য যে ২০০২ চনৰ গুজৰাটৰ নৃশংস গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত সেই সময়ৰ ২১ বৰ্ষীয় বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই সময়ত বানো আছিল ৫ মহীয়া গৰ্ভৱতী। তদুপৰি বানোৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালৰ ৯ জন সদস্যক হত্যা কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

২০০৮ চনত আদালতে বিলকিছ বানো ধৰ্ষণ তথা হত্যাৰ এই গোচৰত ১১ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও ১৫ আগষ্টত গুজৰাট চৰকাৰে আটাইকেইগৰাকী ধৰ্ষণকাৰীকে মুক্তি দিছিল।

যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে পূৰ্বৰ ৰেমিছন নীতিৰ আধাৰত দোষীক মুকলি কৰি দিয়াৰ পিছত দেশজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশেষকৈ ধৰ্ষণকাৰী অপৰাধীসকলক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছত এক হিন্দুত্ববাদী সংগঠনে নায়কৰ দৰে আদৰণি জনোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰেমিছন নীতিৰ অধীনত গুজৰাট চৰকাৰে ১১ গৰাকী দোষীক মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰয়ো এই মুক্তিৰ গতি দ্ৰুত কৰি দুসপ্তাহৰ ভিতৰতে দোষীৰ মুক্তিৰ পথ মুকলি কৰি তুলিছিল। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল কেইবাগৰাকীও মহিলা কৰ্মী।

ইয়াৰ পাছতে বিলকিছ বানোৱে নিজেই দোষীৰ এই মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল। “আকৌ এবাৰ ন্যায়ৰ দুৱাৰত টুকুৰিয়াই লোৱাৰ সিদ্ধান্ত গ্ৰহণ মোৰ বাবে সহজ নাছিল। মোৰ সমগ্ৰ পৰিয়াল আৰু মোৰ জীৱন ধ্বংস কৰা মানুহবোৰ মুকলি হোৱাৰ পিছত বহুদিনলৈকে মই কেৱল অবাক হৈ পৰিছিলো।”- আবেদন দাখিল কৰাৰ সময়ত বানোৱে সাংবাদিকৰ আগত এই মন্তব্য কৰিছিল।

Related News