NORTHEAST NOW (Assamese)
অসম

মাতাল হৈ ৰাতি তাণ্ডৱ চলোৱা ডিফুৰ মহকুমাধিপতি জ্যোতিৰ্ময় দৈমাৰীক নিলম্বন

Posted by: এন ই নাও নিউজ August 10, 2018 11:09 pm
Jyotirmoi Daimary

যোৱা নিশা মাতাল অৱস্থাত অৰ্ধ উলংগ হৈ ৰাজপথত তাণ্ডৱ চলোৱা ডিফুৰ মহকুমাধিপতি জ্যোতিৰ্ময় দৈমাৰীক আজি চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰিছে।

এ চি এছ বিষয়াজনে যোৱা নিশা অত্যধিক পৰিমাণে মদ খাই গাড়ী চলাই ৰাজপথলৈ ওলাই গৈছিল। এটা সোলোক-ঢোলোক হাফপেণ্টৰ বাদে গাত নাছিল এপদো কাপোৰ। মদৰ নিচাত দৈমাৰীয়ে আৰক্ষীৰ বেৰিকেডত খুন্দা মাৰি বেৰিকেডa ভাঙি দিছিল। তাৰ পাছতে আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হোৱাৰ অভিযোগ আছে বিষয়াজনৰ বিৰুদ্ধে।

বিষয়াজনৰ এই কুকাণ্ডৰ বিষয়ে আজি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে প্ৰাথমিক অনুসন্ধানৰ পিছত আজি চৰকাৰে তেওঁক নিলম্বন কৰে।

উল্লেখযোগ্য যে আৰক্ষীৰ বেৰিকেডত খুন্দা মৰাৰ ফলত মহকুমাধিপতিজনৰ ইন’ভা বাহনখনৰো ক্ষতিসাধন হৈছিল। মহকুমাৰ দায়িত্বশীল বিষয়াজনৰে ৰাজহুৱা স্থানত এনে আচৰণক লৈ ডিফুত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।