NORTHEAST NOW (Assamese)

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা মাইলৰ পিছত মাইল খোজকাঢ়ি পোলেণ্ড সীমান্তত উপস্থিত অস্কাৰ বিজয়ী অভিনেতা ছিন পেন

March 2, 2022 4:59 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 2, 2022 5:02 pm

ইউক্ৰেইনৰ চৌদিশে এতিয়া কেৱল হিংসাৰ দাবানল।

য’তে-ত’তে পৰি ৰৈছে মৃতদেহ। ৰাজপথত দপদপাই জ্বলি আছে ৰাছিয়াৰ বোমাত বিধ্বস্ত বাহন।

এনে এক অৱৰ্ণনীয় পৰিস্থিতিৰ মাজতে লাখ লাখ লোকে এতিয়া খোজকাঢ়িয়েই ইউক্ৰেইনৰ পৰা পোলেণ্ড আৰু কাষৰীয়া দেশ সমূহলৈ পলায়ন কৰিছে।

এনেদৰে মাইলৰ পিছত মাইল জুৰি পলায়ন কৰা লোকসকলৰ ভিতৰত মাৰ্কিন অস্কাৰ বিজয়ী অভিনেতা,পৰিচালক ছিন পেনো আছে।

অস্কাৰ বিজয়ী অভিনেতা-পৰিচালকগৰাকীয়ে ৰাছিয়াৰ আগ্ৰাসন সন্দৰ্ভত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কামত বহু দিন ধৰি ইউক্ৰেইনত আছিল।

কিন্তু ৰাছিয়াৰ সেনাৰ আক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে পেনে প্ৰাণৰক্ষা কৰিবলৈ ইউক্ৰেইনৰ পৰা মাইলৰ পিছত মাইল খোজকাঢ়ি পোলেণ্ড সীমান্তত উপস্থিত হৈছে।

https://twitter.com/SeanPenn/status/1498390093375016965?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1498390093375016965%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.huffpost.com%2Fentry%2Fsean-penn-leaves-ukraine_n_621e9970e4b0783a8f07acd4

এই ভয়াৱহ আৰু কষ্টকৰ যাত্ৰাৰ বিষয়ে অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে।

ছিন পেনে কয় যে তেওঁ খোজকাঢ়িয়েই ইউক্ৰেইনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ দুজন সহকৰ্মীয়ে তেওঁলোকৰ গাড়ীখন ৰাস্তাৰ কাষতে এৰি থৈ পোলেণ্ড সীমান্তলৈ মাইলৰ পিছত মাইলজুৰি খোজকাঢ়ি গৈছিল।

উল্লেখ্য ৰাছিয়াৰ আক্ৰমণৰ পিছতে পোলেণ্ডলৈ কমেও ২৮০,০০০ গৰাকী লোকে পলায়ন কৰিছে।

ইউক্ৰেইনৰ বহু শিশু আৰু বৃদ্ধ লোকে পোলেণ্ডলৈ গৈ আশ্ৰয় গ্ৰহণ কৰিছে।

দেশখনৰ কেৱল ১৮-৬০ বছৰৰ লোকসকলে ৰাছিয়াৰ সেনাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ সেনাক সহায় কৰিবলৈ নিজৰ দেশতে ৰৈ গৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে পেনক প্ৰশংসা কৰি কয় যে আন বহু পশ্চিমীয়া দেশৰ ৰাজনীতিকে ইউক্ৰেইনৰ বাবে যি সাহস দেখুৱাব পৰা নাই সেয়া পেনে দেখুৱাবলৈ সক্ষম হৈছে।

উল্লেখ্য পেনে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই  ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন সম্পৰ্কীয় তথ্যচিত্ৰৰ কামত ব্যস্ত আছিল।

এই তথ্যচিত্ৰ খন ভাইচ ষ্টুডিঅ’ই প্ৰযোজনা কৰিছে।

Related News